April 22, 2026

Global Assam News

Global and Local Assam News Website

ইজিপ্ট দূতাবাসে : ভুৱা বুলি ঘোষণা ৰিণিকি ভূঞা শৰ্মাৰ কথিত পাসপ’ৰ্ট গুৱাহাটী

ইজিপ্ট দূতাবাসে : ভুৱা বুলি ঘোষণা ৰিণিকি ভূঞা শৰ্মাৰ কথিত পাসপ’ৰ্ট গুৱাহাটী

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী,৭ এপ্ৰিল: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ক লৈ চলি থকা বিদেশী পাসপ’ৰ্ট বিতৰ্কই নতুন মোড় লৈছে। ইজিপ্ট দূতাবাসে ৰিণিকি ভূঞা শৰ্মাৰ নামত সামাজিক মাধ্যমত প্ৰচাৰিত হৈ থকা কথিত ইজিপ্টীয় পাসপ’ৰ্টখন সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছে। কংগ্ৰেছ নেতা পৱন খেৰাই কিছুদিন পূৰ্বে দাবী কৰিছিল যে ৰিণিকি ভূঞা শৰ্মাৰ ওচৰত ইউএই, ইজিপ্ট আৰু এণ্টিগুৱা-বৰবুডাৰ একাধিক পাসপ’ৰ্ট আছে। তেওঁ এই অভিযোগৰ সমৰ্থনত কিছুমান নথি-পত্ৰ সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীয়ে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু কৃত্ৰিমভাৱে প্ৰস্তুত কৰা বুলি দাবী কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে পাসপ’ৰ্টসমূহত একাধিক অসংগতি আছে।

বিশেষকৈ শৰ্মা”ৰ সলনি “শৰ্মা” লিখা, QR কোড কাম নকৰা, পাসপ’ৰ্ট নম্বৰ আৰু ফটোত গড়মিল থকা আদি বিষয় উল্লেখ কৰি তেওঁ কয় যে এই নথিসমূহ ডিজিটেলভাৱে সম্পাদনা কৰা হৈছে। তেওঁ এই ঘটনাৰ সৈতে পাকিস্তানৰ সামাজিক মাধ্যম গোটৰ যোগসূত্ৰ থকাৰ অভিযোগো উত্থাপন কৰিছে। ইফালে, ৰিণিকি ভূঞা শৰ্মাই এই ঘটনাক লৈ আইনী পথ গ্ৰহণ কৰিছে। তেওঁ পৱন খেৰাৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত এফআইআৰ দাখিল কৰিছে। অভিযোগত ভুৱা নথি প্ৰস্তুত কৰা, বদনাম কৰাৰ চেষ্টা আৰু জালিয়াতিৰ দৰে ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে। মঙলবাৰে এই গোচৰৰ তদন্তৰ অংশ হিচাপে অসম আৰক্ষীয়ে দিল্লীত থকা পৱন খেৰাৰ বাসগৃহত তল্লাশি চলায়। এই পদক্ষেপৰ ফলত ৰাজ্যৰ ৰাজনীতি আৰু অধিক উত্তপ্ত হৈ উঠিছে। ভোটগ্ৰহণৰ পূৰ্বে উত্থাপিত এই বিতৰ্কই কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি কৰিছে। এই সমগ্ৰ ঘটনাই এতিয়া কেৱল ৰাজনৈতিক বিতৰ্ক নহয়, বৰঞ্চ আইনী আৰু কূটনৈতিক বিষয় হিচাপেও গুৰুত্ব লাভ কৰিছে। ইজিপ্ট দূতাবাসৰ বক্তব্যৰ পিছত কথিত পাসপ’ৰ্টখনৰ বিশ্বাসযোগ্যতা সম্পূৰ্ণৰূপে সন্দেহৰ মাজলৈ গ’ল।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *