April 21, 2026

Global Assam News

Global and Local Assam News Website

ৰঙানদীত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ হৈ নিশা পত্নীৰ ধন বিতৰণ

  • ৰঙানদী অঞ্চলত নিশা ধন বিতৰণৰ অভিযোগ
  • ৫০০ আৰু ২০০ টকীয়া নোটসহ আটক জোনমণি দেৱী খাউণ্ড
  • স্বামীৰ হৈ ভোটাৰৰ মাজত ধন বিলোৱাৰ অভিযোগ
  • স্থানীয় ৰাইজে ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে

নিশাৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য
সমগ্ৰ সামাচাৰ সেৱা
লখিমপুৰ, ৯ এপ্ৰিল: কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ হৈ নিশাৰ সময়ত ভোটাৰৰ মাজত ধন বিলাবলৈ আহিছিল পত্নী জোনমণি দেৱী খাউণ্ড ৰঙানদী অঞ্চলত নিৰ্বাচনী পৰিৱেশ উত্তপ্ত কৰি তুলিছে । স্থানীয় ৰাইজে অভিযোগ কৰে যে ঘটনাস্থলীত ৰাইজে তেওঁক সন্দেহজনক অৱস্থাত ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

৫০০ আৰু ২০০ টকীয়া নোট উদ্ধাৰ

স্থানীয় লোকসকলৰ মতে, ঘটনাস্থলীৰ পৰা ৫০০ আৰু ২০০ টকীয়া কেইবাটাও নোট উদ্ধাৰ কৰা হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ৰাইজে অভিযোগ কৰিছে যে নিৰ্বাচনৰ আগমুহূৰত ভোটাৰৰ ওপৰত প্ৰভাৱ পেলাবলৈ এই ধৰণৰ ধন বিতৰণ কৰা হৈছিল।

আৰক্ষীৰ তদন্ত আৰম্ভ

ঘটনাৰ পাছতে আৰক্ষীয়ে জোনমণি দেৱী খাউণ্ডক নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ সৈতে জড়িত আন কোনো লোক আছে নে নাই, সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান চলাই আছে। আৰক্ষীৰ তদন্তৰ পাছত সম্পূৰ্ণ ঘটনা স্পষ্ট হ’ব বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে এই ধৰণৰ অভিযোগক গুৰুত্ব সহকাৰে লৈ দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *