তামুলপুৰৰ পানবাৰী নিৰ্বাচনী সংঘাট : গুলীত আহত তিনিজন লোক
- আহতসকলক GMCH লৈ প্ৰেৰণ
- ঘটনাস্থলীত উপস্থিত প্ৰমোদ বড়ো
- সমষ্টিত বৃদ্ধি ৰাজনৈতিক উত্তেজনা
- নিৰ্বচনী সংঘাট : গুলীত আহত তিনিজন লোক
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী ,৯ এপ্ৰিল:পানবাৰীত নিৰ্বাচনী হিংসা, গুলীত আহত ৩জন ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত পানবাৰী গাঁৱত নির্বাচন সম্পর্কীয় হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত তামুলপুৰৰ কিছু অংশত উত্তেজনা বিৰাজ কৰিছে। ইউনাইটেড পিপলছ পার্টি লিবাৰেল (ইউ পি পি এল) ৰ তিনিজন কর্মীক মাজ নিশা গুলীয়াই গুৰুতৰভাৱে আহত কৰাৰ খবৰ পোৱা গৈছে।
ইউ পি পি এল কৰ্মীক লক্ষ্য কৰি গুলীচালনা অভিযোগ
স্থানীয় সূত্রৰ পৰা জানিব পৰা মতে, অভিযোগ অনুসৰি এটা দলে গাঁওখনত এখন বাহনৰ পৰা ধন বিতৰণ কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। এই সংঘাতৰ সময়ত গুলীচালনাৰ ফলত ইউ পিপি এলৰ কর্মী ধৰণীধৰ বড়ো, ৰাজু বড়ো আৰু দিনেশ বড়ো গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক ততাতয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্রেৰণ কৰা হয়। ইউ পি পি এলৰ সভাপতি তথা সাংসদ প্রমোদ বড়োৱে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
তামুলপুৰত উত্তেজনা, নিৰাপত্তা বৃদ্ধিৰ দাবী
এই ঘটনাই সমষ্টিটোত ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিছে। নির্বাচনী প্রক্রিয়া অব্যাহত থকাৰ সময়তে তদন্ত আৰু নিৰাপত্তা বৃদ্ধিৰ দাবী উঠেছে। অৱশ্যে কর্তৃপক্ষই এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্রকাশ কৰা নাই ।
