গুৱাহাটী উচ্চ ন্যায়ালয়ত পৱন খেড়াৰ জামিন আবেদনত ৰায় সংৰক্ষ
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে জামিন আবেদনত ৰায় সংৰক্ষণ কৰে
- আদালত কক্ষ নং–০৮ত উচ্চ প্ৰোফাইল তৰ্ক-বিতৰ্ক অনুষ্ঠিত
- পুৱা ১০:৫০ বজাৰ পৰা দুপৰীয়া ১:১২ বজালৈ শুনানি অব্যাহত থাকে
- দুয়োপক্ষৰ জ্যেষ্ঠ আইনজীৱীৰ জোৰালো যুক্তি উপস্থাপন
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কথিত ভুৱা পাছপোৰ্ট কাণ্ডত উচ্চ প্ৰোফাইল শুনানি, শীঘ্ৰে চূড়ান্ত ৰায় ঘোষণা সম্ভাৱনা
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২১ এপ্ৰিল: অসমত বিশেষ চৰ্চাৰ সৃষ্টি কৰা কথিত ভুৱা পাছপোৰ্ট কাণ্ড সন্দৰ্ভত পৱন খেড়াৰ আগতীয়া জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পার্থিৱজ্যোতি শইকীয়ায়ে সোমবাৰে শুনানি সম্পন্ন কৰি ৰায় সংৰক্ষণ কৰে। এই গোচৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক কেন্দ্ৰ কৰি উত্থাপিত অভিযোগৰ সৈতে জড়িত বুলি জনোৱা হৈছে।
আদালত কক্ষ নং–০৮ত অনুষ্ঠিত হোৱা এই শুনানিত দুয়োপক্ষৰ মাজত উচ্চ প্ৰোফাইল তৰ্ক-বিতৰ্ক দেখা যায়। শুনানি পুৱা ১০:৫০ বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া ১:১২ বজালৈ চলি থাকে।
শুনানিত অভিষেক মনু সিংভী আৰু নয়ন চৌধুৰীয়ে পৱন খেড়াৰ পক্ষত আদালতত উপস্থিত হৈ যুক্তি উপস্থাপন কৰে। আনহাতে মুখ্যমন্ত্ৰী পক্ষৰ হৈ দেৱজিৎ শইকীয়ায়ে আদালতত নিজৰ বক্তব্য দাঙি ধৰে।
শুনানি অন্তত ন্যায়ালয়ে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি চূড়ান্ত ৰায় সংৰক্ষণ কৰে। এই গোচৰৰ ওপৰত আদালতৰ চূড়ান্ত সিদ্ধান্ত অতি সোনকালে ঘোষণা হ’ব বুলি আশা কৰা হৈছে।
