April 21, 2026

Global Assam News

Global and Local Assam News Website

পুনৰ বিতৰ্কত ভিক্টৰ দাস!

  • দদৰা অঞ্চলত ভিক্টৰ দাসে সন্ত্ৰাস চলোৱাৰ অভিযোগ
  • ভিক্টৰৰ বিৰুদ্ধে মহেশ দাস, জোন দাস নামৰ দুজন লোকে গোচৰ
  • ভিক্টৰে ঘৰত লণ্ড- ভণ্ড কৰাৰ অভিযোগ
  • পোহনীয়া জন্তুুকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন

ভিক্টৰ দাসক আটক দদৰা আৰক্ষীৰ

 

সমগ্ৰ সমাচাৰ সেৱা

অসম, ২১ এপ্ৰিল: পুনৰ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ভিক্টৰ দাস। দদৰা অঞ্চলত সন্ত্ৰাস চলোৱাৰ অভিযোগত ভিক্টৰ দাসক দদৰা আৰক্ষীয়ে আটক কৰাৰ খবৰ পোৱা গৈছে। এই ঘটনাই অঞ্চলজুৰি যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ভিক্টৰ দাসৰ বিৰুদ্ধে মহেশ দাস আৰু জোন দাস নামৰ দুজন লোকে আৰক্ষীৰ ওচৰত আনুষ্ঠানিকভাৱে গোচৰ দাখিল কৰে। অভিযোগ অনুসৰি, দদৰা অঞ্চলত তেওঁ বিভিন্ন ধৰণৰ ভীতিৰ পৰিৱেশ সৃষ্টি কৰি সন্ত্ৰাস চলাই আহিছিল বুলি দাবী কৰা হৈছে।

অন্য এক অভিযোগ অনুসৰি, ভিক্টৰে পোহনীয়া জন্তুুকো আক্ৰমণ কৰিছিল, যাৰ ফলত পোহনীয়া জন্তুুটোয়ে মৃত্যু বৰণ বুলি অভিযোগকাৰীসকলে দাবী কৰিছে। এই সকলো অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁক আটক কৰি অধিক তদন্ত আৰম্ভ কৰিছে।

বৰ্তমান ঘটনাটোৰ অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীৰ সূত্ৰে জনোৱা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *