April 21, 2026

Global Assam News

Global and Local Assam News Website

‘শাৰিৰীক সম্পৰ্ক কৰক আৰু চাকৰি লওঁক’

  • গুৱাহাটীত পঢ়িবলৈ অহা একাংশ ছাত্ৰীলৈ চাকৰিৰ অফাৰ
  • চাকৰি দিয়াৰ নামত যুৱতীৰ লগত ভয়ংকৰ কাৰোবাৰ
  • ভুক্তভোগী যুৱতীক গৰ্ভপাত কৰোৱাই একাংশ চক্ৰই
  • আৰক্ষীৰ জালত দুই যুৱতীসহ অভিৰঞ্জন দাস
  • যুৱতী দুগৰাকী প্ৰিয়ংকা ৰায় আৰু মিনাক্ষী ৰায়

দিশপুৰ আৰক্ষীৰ জালত দুই যুৱতীসহ অভিৰঞ্জন দাস; ছাত্ৰীৰ লক্ষ্য কৰি চলাইছিল অবৈধ কাৰবাৰ

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী , ২১ এপ্ৰিল: গুৱাহাটীত পঢ়িবলৈ অহা একাংশ ছাত্ৰীক লক্ষ্য কৰি চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই চলোৱা এক ভয়ংকৰ চক্ৰৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত অভিৰঞ্জন দাস নামৰ এজন যুৱকৰ লগতে দুই যুৱতী—প্ৰিয়ংকা ৰায় আৰু মিনাক্ষী ৰায়ক আটক কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তসকলে চাকৰি দিয়াৰ নামত যুৱতীসকলক শাৰিৰীক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই চক্ৰই ভুক্তভোগী যুৱতীসকলক গৰ্ভপাত কৰোৱাৰ অভিযোগো পোহৰলৈ আহিছে।
উল্লেখযোগ্য যে, আটক হোৱা প্ৰিয়ংকা ৰায় হৈছে অভিৰঞ্জন দাসৰ প্ৰেমিকা আৰু মিনাক্ষী ৰায় হৈছে তেওঁৰ পত্নী। অভিযোগ অনুসৰি, দুয়োগৰাকী যুৱতীয়ে হোৱাটছএপৰ জৰিয়তে গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন কৰিছিল।
দিশপুৰ আৰক্ষীয়ে অভিযান চলাই তিনি অভিযুক্তক আটক কৰে। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, এই কাৰবাৰত জড়িত যুৱতীসকলক অভিৰঞ্জন দাসে প্ৰতিমাহে ৩১ হাজাৰৰ পৰা ৩৫ হাজাৰ টকা পৰ্যন্ত দৰমহা দিছিল।
ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *