খাৰ্গেৰ মন্তব্যক লৈ নিৰ্বাচনী ৰাজনীতি তপ্ত
- তামিলনাডুৰ নিৰ্বাচনী ভাষণত প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি মন্তব্য কৰাৰ অভিযোগ
- বিজেপিয়ে বিষয়টোত নিৰ্বাচন আয়োগত আনুষ্ঠানিক অভিযোগ দাখিল
- নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উত্থাপন
- ৰাজনৈতিক ভাষাৰ মান নিম্নগামী হোৱা বুলি দাবী বিজেপিৰ
- খাৰ্গেৰ পৰা প্ৰকাশ্য ক্ষমা প্ৰাৰ্থনা দাবী
প্ৰধানমন্ত্ৰীক “সন্ত্ৰাসবাদী” বুলি কোৱাৰ অভিযোগত নিৰ্বাচন আয়োগত অভিযোগ বিজেপিৰ
সমগ্ৰ সমাচাৰ সেৱা,
অসম, ২২ এপ্ৰিল: নিৰ্বাচনী পৰিৱেশৰ মাজতে নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে মল্লিকাৰ্জুন খৰ্গেৰ মন্তব্যক লৈ। ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰিছে যে তামিলনাডুৰ এখন নিৰ্বাচনী ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক “সন্ত্ৰাসবাদী” বুলি উল্লেখ কৰা হৈছে। এই অভিযোগৰ ভিত্তিত দলটোৱে ভাৰতৰ নিৰ্বাচন আয়োগয়ৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে।
বিজেপিৰ অভিযোগ অনুসৰি, ২১ এপ্ৰিল ২০২৬ তাৰিখে দাখিল কৰা অভিযোগত কোৱা হৈছে যে এনে মন্তব্য নিৰ্বাচনী আচৰণ বিধি (Model Code of Conduct)ৰ স্পষ্ট ভংগ আৰু ই নিৰ্বাচনী পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। দলটোৱে এই মন্তব্যক “অত্যন্ত অপমানজনক” বুলি অভিহিত কৰিছে।
বিজেপিয়ে অভিযোগত উল্লেখ কৰিছে যে এই ধৰণৰ ব্যক্তিগত আক্রমণে নিৰ্বাচনী আলোচনা-চৰ্চাৰ মান নিম্নগামী কৰে আৰু ভোটাৰৰ মনোভাৱত প্ৰভাৱ পেলাব পাৰে।
অভিযোগত লগতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ কেইবাটাও ধাৰা উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত ধাৰা ১৭৫ (ভোটাৰক প্ৰভাৱিত কৰিবলৈ ভুল তথ্য প্ৰচাৰ), ধাৰা ১৭১ আৰু ১৭৪ (ভোটাধিকাৰত হস্তক্ষেপ) আৰু ধাৰা ৩৫৬(১) (মানহানিৰ অভিযোগ) অন্তৰ্ভুক্ত।
এই অভিযোগত স্বাক্ষৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু , বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং আৰু দলীয় কৰ্মী ওম পাঠক।
বিজেপিয়ে নিৰ্বাচন আয়োগক তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰি খাৰ্গেৰ পৰা প্ৰকাশ্য ক্ষমা প্ৰাৰ্থনা বা মন্তব্য প্ৰত্যাহাৰৰ দাবী জনোৱাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সততা ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
