April 22, 2026

Global Assam News

Global and Local Assam News Website

বিশ্বমঞ্চত ভাৰতক গৌৰৱ উজ্জ্বল কৰিলে‌ ক্ৰীড়াবিদসকলে

  • কনচম জোনা প্ৰিন্সীৰ দুটা পদক—১টা স্বৰ্ণ, ১টা ৰূপ
  • আচোম তাপস, হনজাবাম লাংলেন্তোম্বী, ৱাই বনিশৰ স্বৰ্ণ জয়
  • মায়াংলম্বাম সুৰজৰ ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ
  • ভাৰতৰ ৯টা পদকৰ ভিতৰত ৮টাই মণিপুৰৰ মেইতেই খেলুৱৈৰ
  • সংকটৰ সময়তো দেশৰ গৌৰৱ বৃদ্ধি কৰিলে খেলুৱৈসকলে

সংকটৰ মাজতো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত মণিপুৰৰ খেলুৱৈৰ সাফল্য—ভাৰতৰ ৯টা পদকৰ ভিতৰত ৮টাই মণিপুৰৰ

সমগ্ৰ সমাচাৰ সেৱা,
মণিপুৰ, ২২ এপ্ৰিল: মণিপুৰত চলি থকা জটিল পৰিস্থিতিৰ মাজতো ৰাজ্যখনৰ মেইতেই ক্ৰীড়াবিদসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজ্জ্বল প্ৰদৰ্শনেৰে পুনৰবাৰ ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে। নিজৰ জন্মভূমি সংকটৰ মাজত থাকিলেও খেলুৱৈসকলে মনোবল অটুট ৰাখি দেশৰ বাবে উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
এই প্ৰতিযোগিতাত কনচম জোনা প্ৰিন্সীয়ে বিশেষ সফলতা অৰ্জন কৰে। তেওঁ তাইজিকুৱান শাখাত স্বৰ্ণ পদক আৰু তাইজিজিয়ান শাখাত ৰূপ পদক লাভ কৰি ভাৰতলৈ দুটা গুৰুত্বপূৰ্ণ পদক যোগ কৰে।
ইয়াৰ উপৰিও আচোম তাপস, হনজাবাম লাংলেন্তোম্বী আৰু ৱাই বনিশে নিজ নিজ শাখাত স্বৰ্ণ পদক জয় কৰি ভাৰতৰ পদক তালিকাক অধিক শক্তিশালী কৰে। আনহাতে মায়াংলম্বাম সুৰজে ৰূপ আৰু ব্ৰঞ্জ পদক লাভ কৰি দলটোৰ সামগ্ৰিক সফলতাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ভাৰত মুঠ ৯টা পদক জয় কৰাৰ ভিতৰত ৮টা পদকেই মণিপুৰৰ মেইতেই খেলুৱৈসকলৰ পৰা আহিছে। ৰাজ্যখন কঠিন সময় পাৰ কৰিছে যদিও খেলুৱৈসকলৰ এই সাফল্যে পুনৰ প্ৰমাণ কৰিলে যে মণিপুৰ সদায়েই দেশৰ আগশাৰীৰ খেলুৱৈ উৎপাদন কৰা ৰাজ্য হিচাপে নিজৰ স্থান অটুট ৰাখিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *