April 22, 2026

Global Assam News

Global and Local Assam News Website

জলপাইগুৰীৰ ভোটপ্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ বিতৰ্ক

জলপাইগুৰীৰ  ভোটপ্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য

  • তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া
  • মহিলা সংৰক্ষণ বিল লৈও তীব্ৰ ৰাজনৈতিক আক্রমণ
  • “২৯ তাৰিখৰ ভিতৰত আত্মসমৰ্পণ কৰক”—হিমন্তৰ সতর্কীকৰণ
  • বিজেপিৰ জয়ৰ বিষয়ে ১০০% নিশ্চিত বুলি দাবী

বিজেপিৰ তাৰকা প্ৰচাৰকৰ “এটা গুলি মাৰিলে দুটা গুলি চলাম” মন্তব্যত ৰাজনৈতিক তীব্ৰ প্ৰতিক্ৰিয়া

সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবংগ, ২২ এপ্ৰিল: পশ্চিমবংগৰ জলপাইগুৰী সদৰৰ মণ্ডলঘাটৰ সিপাই পাড়াত ভোটপ্ৰচাৰত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ তাৰকা প্ৰচাৰক হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ ৰাজ্যখনত তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে।
সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে, “মোক এটা গুলি মাৰিলে মই দুটা গুলি চলাম। বাংলাত থানা থাকিলে অসমতো আৰক্ষী আছে। টক্কৰ সমানে সমানে হ’ব।” এই মন্তব্য প্ৰকাশ পোৱাৰ পাছতেই শাসক তৃণমূল কংগ্ৰেছৰ পৰা তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰা হয়।
তৃণমূলৰ মুখপাত্ৰ জয়প্ৰকাশ মজুমদাৰে এই মন্তব্যক উচটনি মূলক বুলি অভিহিত কৰি কয় যে, এই ধৰণৰ বক্তব্যে পৰিস্থিতি অশান্ত কৰিব পাৰে।
ইয়াৰ মাজতে পাণ্ডবেশ্বৰ বিধানসভা সমষ্টিৰ গৌৰবাজাৰ গাঁৱত বিজেপি প্ৰাৰ্থী জিতেন্দ্ৰ তিৱাৰীৰ সমৰ্থনত অনুষ্ঠিত ৰোড শ্ব’ত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই মহিলা সংৰক্ষণ বিলক লৈ কংগ্ৰেছ, ডিএমকে আৰু তৃণমূলৰ ওপৰত তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, এই বিল বন্ধ কৰি মহিলাসকলক অপমান কৰা হৈছে আৰু ইয়াৰ উত্তৰ ভোটত দিয়া হ’ব।
একেদৰে তেওঁ ৰাজ্যখনৰ “গুন্ডা”সকলক ২৯ তাৰিখৰ ভিতৰত থানাত আত্মসমৰ্পণ কৰিবলৈ সতর্কীকৰণ  দিয়ে, অন্যথা বিজেপিয়ে কঠোৰ ব্যৱস্থা ল’ব বুলি উল্লেখ কৰে।
ইফালে তৃণমূল প্ৰাৰ্থী নৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে এই মন্তব্যক লৈ বিজেপিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভোটত পৰাজয়ৰ আশংকাত এই ধৰণৰ বক্তব্য আগবঢ়োৱা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *