বিশিষ্ট সাংবাদিক নিত্য বৰাৰ মৃত্যু
- বিশিষ্ট সাংবাদিক আৰু ‘সম্প্ৰতিক সময়িকী’ৰ সম্পাদক নিত্য বৰাৰ দেহাৱসান
- দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত যোৰহাটত চিকিৎসাধীন অৱস্থাত মৃত্যু
- আজি গুৱাহাটীলৈ অনা হ’ব মৃতদেহ
- কাইলৈ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব
অসমীয় সংবাদ আৰু বৌদ্ধিক জগতত অপূৰণীয় ক্ষতি
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২২ এপ্ৰিল: অসমৰ সংবাদ জগতৰ এজন বিশিষ্ট সাংবাদিক, চিন্তাশীল নিবন্ধকাৰ আৰু ‘সম্প্ৰতিক সময়িকী’ৰ সম্পাদক নিত্য বৰাৰ ৮৩ বছৰ বয়সত দেহাৱসান ঘটে। দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে যোৰহাটৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।
অসমীয়া সাংবাদিকতা আৰু বৌদ্ধিক ক্ষেত্ৰখনত বিগত কেইবাটাও দশকজুৰি তেখেতে আগবঢ়োৱা উল্লেখযোগ্য অৱদান বিশেষভাৱে স্মৰণীয় হৈ থাকিব। এগৰাকী সাংবাদিক আৰু নিবন্ধকাৰ হিচাপে সমাজ জীৱনৰ বিভিন্ন বিষয়ত তেখেতৰ চিন্তাশীল লেখাই পাঠকসমাজত গভীৰ প্ৰভাৱ পেলাইছিল।
তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। সংবাদ জগতৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকে এই ক্ষতিত গভীৰ শোক প্ৰকাশ কৰিছে।
উল্লেখ্য যে, নিত্য বৰাৰ নশ্বৰ দেহ আজি গুৱাহাটীলৈ অনা হ’ব আৰু কাইলৈ নৱগ্ৰহ শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। তেখেতৰ মৃত্যুত অসমীয় সংবাদ জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে।
