April 22, 2026

Global Assam News

Global and Local Assam News Website

নাৰীশক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ক লৈ তীব্ৰ সমালোচনা

  • নাৰীশক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ৰ বিৰোধিতা কৰাৰ অভিযোগ কংগ্ৰেছ আৰু সহযোগী দলসমূহৰ বিৰুদ্ধে
  • মহিলাৰ ৩৩% আসন সংৰক্ষণৰ পক্ষে বিজেপিৰ দেশজুৰি প্ৰতিবাদ অব্যাহত
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মহিলা সশক্তিকৰণৰ বিভিন্ন আঁচনিৰ উল্লেখ
  • মহিলা সমাজে বিৰোধী দলসমূহক “উপযুক্ত উত্তৰ দিব” বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ

 

ইণ্ডি এলায়েন্সৰ স্থিতিক “নাৰী সমাজৰ অপমান” বুলি মন্তব্য; মহিলাৰ ৩৩% সংৰক্ষণৰ পক্ষে বিজেপিৰ প্ৰতিবাদ অব্যাহত

 

সমগ্ৰ সমাচাৰ সেৱা
ডিব্ৰুগড়, ২২ এপ্ৰিল: কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলসমূহে নাৰীশক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ৰ বিৰোধিতা কৰি দেশৰ নাৰী সমাজক অপমান কৰিছে বুলি তীব্ৰ গৰিহণা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালয়ে, আজি ডিব্ৰুগড় জিলা বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত তেওঁ এই মন্তব্য কৰে।

সংবাদ মেলত ভাষণ প্ৰসংগত সোণোৱালে কয় যে মহিলাসকলৰ বাবে সংসদ আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা এই বিধেয়কৰ বিৰোধিতা কৰাটো অত্যন্ত দুখজনক। তেওঁ কয় যে দেশৰ প্ৰায় ৫০ শতাংশ জনসংখ্যা মহিলা হোৱাৰ পাছতো সংসদ আৰু বিধানসভাত তেওঁলোকৰ প্ৰতিনিধিত্ব এতিয়াও প্ৰায় ১৫–১৬ শতাংশতেই সীমাবদ্ধ আছে, যিটো স্পষ্টভাৱে অন্যায়।

তেওঁ লগতে উল্লেখ কৰে যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে সদায় মহিলাসকলৰ সশক্তিকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত “বেটি বচাও,বেটি পঢ়াও”, “জনধন যোজনা”, “উজ্বলা যোজনা” আৰু “স্বচ্ছ ভাৰত” আদি বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাসকলক সামাজিক আৰু আৰ্থিকভাৱে শক্তিশালী কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।

সোণোৱালে কয় যে মহিলাসকল কেৱল আঁচনিৰ সুবিধাভোগী হিচাপে নহয়, বৰঞ্চ দেশৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা ল’ব লাগিব। তেওঁ কয়, “মহিলাৰ দ্বাৰা সঞ্চালিত উন্নয়নেই দেশৰ স্থায়ী উন্নয়নৰ মূল শক্তি।”

তেওঁ আৰু কয় যে কংগ্ৰেছকে ধৰি যিসকল ৰাজনৈতিক দলে এই বিধেয়কৰ বিৰোধিতা কৰিছে, তেওঁলোকক দেশৰ মহিলা সমাজে নিশ্চিতভাৱে উপযুক্ত উত্তৰ দিব। লগতে মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহ’ব বুলিও তেওঁ স্পষ্ট কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *