মণিপুৰত বৃহৎ অস্ত্ৰ-গোলা উদ্ধাৰ অভিযান
- চাণ্ডেল জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-গোলা উদ্ধাৰ
- কাংটুঙ গাঁওত অভিযান চলাই লাভ কৰে সফলতা
- NRFM কেডাৰ খোৱাইৰাকপাম ডোৰেন সিং গ্ৰেপ্তাৰ
- ৰাজ্যজুৰি তীব্ৰ কৰা হৈছে তল্লাচী অভিযান
নিৰাপত্তা বাহিনীৰ অভিযানত বহু অস্ত্ৰ-গোলা জব্দ, পৃথক অভিযানত অস্ত্ৰ চোৰাং ব্যৱসায়ী আটক
সমগ্ৰ সমাচাৰ সেৱা
মণিপুৰ, ৩০ এপ্ৰিল: মণিপুৰৰ চাণ্ডেল জিলাৰ মলচাম আৰক্ষী থানাৰ অন্তৰ্গত কাংটুঙ গাঁও অঞ্চলত ২৯ এপ্ৰিলত চলোৱা এক বিশেষ অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-গোলা আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
অধিকাৰীসকলৰ মতে, উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত আছিল, এটা ৭.৬২ কে-০৯ এছল্ট ৰাইফল (মেগাজিনসহ), চাৰি টা ছিংগল বোৰ ৰাইফল, এটা মাউজাৰ ধৰণৰ স্পৰ্টিং ৰাইফল, এটা শটগান, এটা ছাব-মেচিন গান (SMG) আৰু এটা পিষ্টল।
ইয়াৰ উপৰিও, অভিযানত চাৰি টা ‘পম্পি’, তিনিটা গ্ৰেনেড (ডেটোনেটৰসহ), পাঁচটা বাওফেং ৰেডিঅ’ কমিউনিকেশ্বন ছেট, ৩৮ টা বিভিন্ন কেলিবাৰৰ গুলি আৰু পাঁচটা ১২-ব’ৰ কাৰ্ট্ৰিজ জব্দ কৰা হয়।
ইফালে, ২৮ এপ্ৰিলত আন এক অভিযানত বিষ্ণুপুৰ জিলাৰ উপোকপি ময়াই লৈকাই অঞ্চলৰ পৰা NRFM-ৰ এজন সক্ৰিয় কেডাৰ খোৱাইৰাকপাম ডোৰেন সিং (৪২)ক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা এটা মোবাইল ফোন আৰু SIM কাৰ্ডো জব্দ কৰা হৈছে।
উল্লেখযোগ্য যে, ৰাজ্যখনত বিদ্ৰোহী কাৰ্যকলাপ আৰু অবৈধ অস্ত্ৰ চলাচল ৰোধ কৰাৰ লক্ষ্যৰে নিরাপত্তা বাহিনীয়ে স্পৰ্শকাতৰ আৰু সীমান্তৱৰ্তী অঞ্চলসমূহত তল্লাচী আৰু নিয়ন্ত্ৰণ অভিযান অধিক তীব্ৰ কৰি তুলিছে।
