মিজোৰামৰ উন্নয়ন অগ্ৰাধিকাৰক লৈ দিল্লীত মুখ্যমন্ত্ৰী লালদুহোমাৰ বৈঠক
- দিল্লীত মুখ্যমন্ত্ৰী লালদুহোমা আৰু নীতিআয়োগৰ বৈঠক
- কৃষি, পৰ্যটন আৰু সামগ্ৰিক উন্নয়ন অগ্ৰাধিকাৰৰ পৰ্যালোচনা
- “Ginger Capital of India” হিচাপে মিজোৰামৰ স্বীকৃতি
- পৰ্যটন নীতি, প্ৰশিক্ষণ আৰু বিনিয়োগত সহায়ৰ আশ্বাস
নীতিআয়োগৰ সৈতে সহযোগিতা বৃদ্ধি আৰু পৰ্যটন উন্নয়নক লৈ গুৰুত্বপূর্ণ আলোচনা
সমগ্ৰ সমাচাৰ সেৱা
মিজোৰাম, ৫ মে’: মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমায়ে নতুন দিল্লীত ভি.কে পাল সৈতে এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাজ্যখনৰ উন্নয়ন অগ্ৰাধিকাৰসমূহৰ পৰ্যালোচনা কৰাৰ লগতে NITI Aayogৰ সৈতে ভৱিষ্যৎ সহযোগিতাৰ ক্ষেত্ৰসমূহ আলোচনা কৰা হয়।
বৈঠকত মুখ্যমন্ত্ৰীয়ে মিজোৰামৰ কৃষি আৰু পৰ্যটন খণ্ডত হোৱা অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে। বিশেষকৈ “Ginger Capital of India” হিচাপে ৰাজ্যখনৰ স্বীকৃতি লাভে স্থানীয় কৃষকৰ আয় বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশত সহায়ক হোৱা বুলি তেওঁ কয়।
তেওঁ লগতে শিক্ষাৰ উচ্চ হাৰ, পৰিচ্ছন্নতা, উন্নত শাসন ব্যৱস্থা আৰু ৰাজ্যখনৰ স্থিতিশীল আইন-শৃংখলাৰ পৰিস্থিতিকো উল্লেখ কৰে। এই সকলো ক্ষেত্ৰত মিজোৰামৰ সাফল্য দেশজুৰি এক উদাহৰণ হিচাপে পৰিগণিত হৈছে।
নীতিআয়োগে ৰাজ্য চৰকাৰৰ সৈতে সমন্বয়ৰ প্ৰশংসা কৰি আগন্তুক সময়ত পৰ্যটন নীতি শক্তিশালী কৰা, প্ৰশিক্ষণ কাৰ্যসূচী বৃদ্ধি কৰা আৰু বিনিয়োগ আকৰ্ষণৰ বাবে বিভিন্ন সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। লগতে ৰাজ্য চৰকাৰৰ সৈতে যৌথভাৱে এটা Tourism Conclave আয়োজন কৰাৰ পৰিকল্পনাও এই বৈঠকত আলোচনা কৰা হয়।
এই বৈঠকে মিজোৰামৰ সমগ্ৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সহযোগিতা লাভ কৰাৰ ক্ষেত্ৰত এক ইতিবাচক দিশ প্ৰদৰ্শন কৰিছে।
