Global Assam News

Global and Local Assam News Website

এভাৰেষ্ট শিখৰত অসমৰ ইতিহাস, লক্ষীমপুৰৰ ৰূপমণি গড় প্ৰথম অসমীয়া মহিলা হিচাপে সফল

  • লক্ষীমপুৰৰ ৰূপমণি গড়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি গঢ়িলে ইতিহাস
  • অসমৰ প্ৰথম মহিলা হিচাপে এভাৰেষ্ট শিখৰত উঠি ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ
  • অভিযানৰ উপ-নেত্ৰী ভানিতা টিমুংপীয়েও নেতৃত্বৰে উজলাই তুলিলে এই সাফল্য

এভাৰেষ্ট শিখৰত অসমৰ গৌৰৱ

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৪ মে’: অসমৰ বাবে এক ঐতিহাসিক গৌৰৱৰ মুহূৰ্ত হিচাপে লক্ষীমপুৰৰ ৰূপমণি গড়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি অসমৰ প্ৰথম মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। বিশ্বৰ সৰ্বোচ্চ শিখৰত তেওঁৰ এই সাফল্যে সমগ্ৰ ৰাজ্যলৈ আনন্দ আৰু গৌৰৱৰ বাৰ্তা কঢ়িয়াই আনিছে।
এই অভিযানত ভানিতা টিমুংপি উপ-নেত্ৰী হিচাপে অসাধাৰণ নেতৃত্ব প্ৰদৰ্শন কৰি নিজৰ দলক সফলতাৰে পথ প্ৰদৰ্শন কৰে। তেওঁৰ সাহস, নেতৃত্ব আৰু দৃঢ়তাই এই ঐতিহাসিক অভিযানক অধিক উজ্জ্বল কৰি তুলিছে।

ৰূপমণি গড় আৰু ভানিতা টিমুংপীৰ এই সাফল্য নাৰী শক্তিৰ অদম্য সাহস, অধ্যৱসায় আৰু দৃঢ় মনোবলৰ এক উজ্জ্বল নিদৰ্শন হিচাপে পৰিগণিত হৈছে। তেওঁলোকৰ এই কৃতিত্বে অসম তথা দেশৰ বহু যুৱতীক নতুন সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
অসমৰ এই দুগৰাকী সাহসী কন্যাৰ এই অসাধাৰণ সাফল্যৰ বাবে বিভিন্ন মহলে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *