Global Assam News

Global and Local Assam News Website

LPG গ্ৰাহকসকলৰ বাবে কেন্দ্ৰৰ নতুন সুবিধা

Oplus_131072

  • কেন্দ্ৰীয় চৰকাৰে LPG (যোগান আৰু বিতৰণ) সংশোধনী আদেশ, ২০২৬ জাৰি কৰিছে।
  • PNG সংযোগ লোৱা গ্ৰাহকে ৩০ দিনৰ ভিতৰত LPG সংযোগ বন্ধ কৰাৰ আবেদন কৰিব পাৰিব।
  • ভৱিষ্যতে PNG নথকা এলেকাত LPG পুনৰ আৰম্ভ কৰাৰ সুবিধাও থাকিব।

PNG সংযোগ ল’লে ৩০ দিনৰ ভিতৰত LPG বন্ধ কৰিব পাৰিব

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৬ মে’: কেন্দ্ৰীয় চৰকাৰে Liquefied Petroleum Gas (Regulation of Supply and Distribution) Amendment Order, 2026 জাৰি কৰি গৃহস্থালী LPG গ্ৰাহকসকলৰ বাবে এক নতুন সুবিধা ঘোষণা কৰিছে। এই সংশোধনী আদেশৰ জৰিয়তে পিছত Piped Natural Gas (PNG) সংযোগ লোৱা গ্ৰাহকসকলক অধিক সা-সুবিধা প্ৰদান কৰা হৈছে।

পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ তথ্য অনুসৰি, নতুন নিয়ম অনুসাৰে কোনো গৃহস্থালী LPG গ্ৰাহকে PNG সংযোগ লাভ কৰাৰ পিছত ৩০ দিনৰ ভিতৰত LPG সংযোগ বন্ধ কৰাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ ফলত একে সময়তে দুটা গেছ সংযোগ বজাই ৰখাৰ প্ৰয়োজন কমিব আৰু গ্ৰাহকে অধিক সুবিধা লাভ কৰিব।

সংশোধিত নিয়মত আৰু কোৱা হৈছে যে, LPG সংযোগ বন্ধ কৰাৰ সময়ত গ্ৰাহকে Transfer Voucher লাভ কৰিব পাৰিব। এই ব্যৱস্থাৰ জৰিয়তে ভবিষ্যতে যদি গ্ৰাহক PNG নথকা কোনো এলেকালৈ স্থানান্তৰিত হয়, তেন্তে সেই Transfer Voucher ব্যৱহাৰ কৰি LPG সংযোগ পুনৰ চালু কৰিব পাৰিব।

এই নতুন ব্যৱস্থাক গৃহস্থালী গেছ গ্ৰাহকসকলৰ বাবে এক সুবিধাজনক আৰু নমনীয় পদক্ষেপ বুলি ধৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *