Global Assam News

Global and Local Assam News Website

  • অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোড (UCC) বিধেয়ক গৃহীত
  • উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত UCC পাশ কৰা তৃতীয় ৰাজ্য অসম
  • বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তি উত্তৰাধিকাৰ আৰু দত্তক গ্ৰহণৰ ক্ষেত্ৰত একে আইন প্ৰয়োগৰ লক্ষ্য
  • জনজাতীয় সমাজৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা
  • উত্তৰ-পূৰ্বাঞ্চলত UCC গৃহীত কৰা প্ৰথম ৰাজ্য হ’ল অসম
  • ৰাজ্যজুৰি আৰম্ভ হৈছে ৰাজনৈতিক আৰু সামাজিক বিতৰ্ক

ইতিহাস ৰচিলে অসম, দেশৰ তৃতীয় ৰাজ্য হিচাপে অসম

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৮ মে’: এক ঐতিহাসিক আৰু বহুচৰ্চিত সিদ্ধান্তত অসম বিধানসভাই ইউনিফৰ্ম চিভিল কোড (UCC) বিধেয়ক গৃহীত কৰিছে। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অসম দেশৰ তৃতীয় ৰাজ্য হিচাপে UCC কার্যকৰী কৰা ৰাজ্যৰ তালিকাত অন্তর্ভুক্ত হ’ল।

নতুন UCC আইনৰ অধীনত বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, দত্তক গ্ৰহণ আদি ব্যক্তিগত আইনৰ ক্ষেত্ৰত সকলো নাগৰিকৰ বাবে একে ধৰণৰ বিধান প্ৰয়োগ কৰাৰ লক্ষ্য লোৱা হৈছে। চৰকাৰে ইয়াক “আইনৰ আগত সমতা” আৰু “মহিলাৰ অধিকাৰ সুৰক্ষা”ৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, ৰাজ্যৰ জনজাতীয় সমাজসমূহক UCC-ৰ কিছুমান বিধানৰ পৰা ৰেহাই দিয়া হ’ব যাতে তেওঁলোকৰ পৰম্পৰা, ৰীতি-নীতি আৰু customary law সুৰক্ষিত থাকে।

বিধেয়কখন গৃহীত কৰাৰ সময়ত বিধানসভাত তীব্ৰ বিতৰ্ক আৰু বিৰোধী দলৰ প্ৰতিবাদ দেখা যায়। বিৰোধী শিবিৰে অধিক জনমত আৰু পৰামৰ্শ লোৱাৰ দাবী উত্থাপন কৰে।
UCC গৃহীত হোৱাৰ ঘটনাক অসমৰ ৰাজনীতিত এক “landmark moment” বুলি গণ্য কৰা হৈছে। এই সিদ্ধান্তই আগন্তুক দিনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু দেশজুৰি ব্যাপক ৰাজনৈতিক, সামাজিক আৰু আইনী বিতৰ্কৰ সূচনা কৰিব বুলি ধাৰণা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *