মীন উন্নয়ন নিগমৰ কোটিটকীয়া কেলেংকাৰিত গ্ৰেপ্তাৰ পদ্মকান্ত হাজৰিকা
Oplus_131072
- মীন উন্নয়ন নিগমৰ কোটিটকীয়া কেলেংকাৰিৰ কথিত মাষ্টাৰ মাইণ্ড পদ্মকান্ত হাজৰিকাক গ্ৰেপ্তাৰ।
- দুৰ্নীতি নিবাৰক শাখাৰ তদন্তৰ পাছৰে পৰা পলাতক আছিল হাজৰিকা।
- ওড়িশাৰ পুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তজনক।
- কেলেংকাৰিৰ সময়ত মীন উন্নয়ন নিগমৰ প্ৰকল্প সঞ্চালক হিচাপে কৰ্মৰত আছিল পদ্মকান্ত হাজৰিকা।
- তদন্তকাৰী সংস্থাই অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে।
পুৰীৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত
সমগ্ৰ সমাচাৰ সেৱা
অসম, ৩১ মে’: অসম মীন উন্নয়ন নিগমৰ কোটিটকীয়া কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত পলাতক পদ্মকান্ত হাজৰিকাক ওড়িশাৰ পুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। দুৰ্নীতি নিবাৰক শাখাই চলোৱা ব্যাপক অনুসন্ধান আৰু অভিযানৰ অন্তত হাজৰিকাক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, কেলেংকাৰি সংঘটিত হোৱা সময়ছোৱাত পদ্মকান্ত হাজৰিকা অসম মীন উন্নয়ন নিগমৰ প্ৰকল্প সঞ্চালক হিচাপে দায়িত্বত আছিল। তদন্তকাৰী সংস্থাৰ মতে, নিগমৰ বিত্তীয় অনিয়ম আৰু কেলেংকাৰিৰ সৈতে তেওঁৰ জড়িত থকাৰ অভিযোগৰ ভিত্তিত অনুসন্ধান চলাই থকা হৈছিল।
দুৰ্নীতি নিবাৰক শাখাই কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰাৰ পিছতে হাজৰিকা আত্মগোপন কৰিছিল বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি বিভিন্ন স্থানত অনুসন্ধান চলোৱাৰ পাছত অৱশেষত ওড়িশাৰ পুৰীত তেওঁৰ অৱস্থান চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয়।
ঘটনাটোৰ সৈতে জড়িত অন্যান্য ব্যক্তি আৰু কেলেংকাৰিৰ সম্পূৰ্ণ পৰিসৰ উদ্ঘাটনৰ লক্ষ্যৰে তদন্ত অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই। তদন্তৰ অগ্ৰগতিৰ লগে লগে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
