পশ্চিমবঙ্গত উত্তপ্ত ৰাজনৈতিক পৰিস্থিতি
Oplus_131072
- পশ্চিমবঙ্গৰ হুগলীৰ চণ্ডীতলাত টিএমচি সাংসদ কল্যাণ বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ অভিযোগ।
- পোষ্ট-প’ল হিংসাৰ ঘটনাক লৈ স্মাৰকলিপি দিবলৈ গৈছিল সাংসদগৰাকী।
- চণ্ডীতলা থানাৰ সন্মুখত সংঘটিত হয় উত্তেজনাপূৰ্ণ পৰিস্থিতি।
- আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে কল্যাণ বেনাৰ্জীয়ে।
- ঘটনাৰ পাছতে সমৰ্থকসকলৰ সৈতে থানাৰ বাহিৰত প্ৰতিবাদত বহে টিএমচি নেতা।
- আক্ৰমণৰ আঁৰত বিজেপি সমৰ্থক থকাৰ অভিযোগ টিএমচিৰ।
- চণ্ডীতলাত সংঘটিত হয় নাটকীয় ঘটনা
টিএমচি সাংসদ কল্যাণ বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ অভিযোগ, চণ্ডীতলা থানাৰ সন্মুখত প্ৰতিবাদ
সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবঙ্গ, ৩১ মে’: পশ্চিমবঙ্গৰ হুগলী জিলাৰ চণ্ডীতলাত দেওবাৰে এক উত্তেজনাপূৰ্ণ ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হয়, যেতিয়া জ্যেষ্ঠ তৃণমূল কংগ্ৰেছ (টিএমচি) নেতা তথা সাংসদ কল্যাণ বেনাৰ্জীৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হয়।
জানিব পৰা মতে, অঞ্চলটোত চলি থকা পোষ্ট-প’ল হিংসাৰ ঘটনাসমূহৰ বিৰুদ্ধে আৰক্ষীক স্মাৰকলিপি প্ৰদান কৰিবলৈ চণ্ডীতলা থানালৈ গৈছিল সাংসদগৰাকী। সেই সময়তে থানাৰ সন্মুখত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু সংঘৰ্ষৰ মাজতে তেওঁ আঘাতপ্ৰাপ্ত হোৱা বুলি অভিযোগ কৰে।
ঘটনাৰ পাছতে কল্যাণ বেনাৰ্জীয়ে সমৰ্থকসকলৰ সৈতে থানাৰ বাহিৰত ধৰ্ণা আৰু প্ৰতিবাদ আৰম্ভ কৰে। সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ আৰু ছবিসমূহত সাংসদগৰাকীক মাটিত বহি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীও পোষ্ট-প’ল হিংসাৰ ঘটনাত আক্ৰমণৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। সেই ঘটনাৰ পিছতেই পুনৰ কল্যাণ বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ অভিযোগে পশ্চিমবঙ্গৰ ৰাজনৈতিক পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছে।
ঘটনাটোক লৈ টিএমচিয়ে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আনহাতে, ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
