Global Assam News

Global and Local Assam News Website

Oplus_131072

  • বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ অনুমোদনত নতুন নিযুক্তি
  • অজয় কুমাৰক ৰাজস্থান বিজেপিৰ ৰাজ্যিক মহামন্ত্ৰী (সংগঠন) পদত নিযুক্ত কৰা হৈছে
  • দলৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ সিঙে জাৰি কৰিলে আনুষ্ঠানিক নিৰ্দেশনা
  • নিযুক্তি তৎক্ষণাত্‌ কাৰ্যকৰী হ’ব বুলি জাননীত উল্লেখ
  • বিজেপিৰ সাংগঠনিক শক্তিবৃদ্ধিৰ লক্ষ্য

অজয় কুমাৰক ৰাজ্যিক মহামন্ত্ৰী (সংগঠন) হিচাপে নিযুক্তি

সমগ্ৰ সমাচাৰ সেৱা
ৰাজস্থান, ১ জুন: ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) ৰাজস্থানত এক গুৰুত্বপূৰ্ণ সাংগঠনিক নিযুক্তিৰ ঘোষণা কৰিছে। ১ জুন, ২০২৬ তাৰিখে জাৰি কৰা এক আনুষ্ঠানিক জাননী অনুসৰি, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন-এ অজয় কুমাৰক ৰাজস্থান প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মহামন্ত্ৰী (সংগঠন) হিচাপে নিযুক্তি প্ৰদান কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব তথা মুখ্য কাৰ্যালয় প্ৰভাৰী অৰুণ সিং-এ স্বাক্ষৰ কৰা এই জাননীত উল্লেখ কৰা হৈছে যে, অজয় কুমাৰৰ এই নিযুক্তি তৎক্ষণাত্‌ প্ৰভাৱী হ’ব।
ৰাজস্থানত আগন্তুক ৰাজনৈতিক আৰু সাংগঠনিক কাৰ্যসূচীসমূহ অধিক শক্তিশালীভাৱে আগবঢ়াই নিবলৈ এই নিযুক্তিক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা হৈছে। মহামন্ত্ৰী (সংগঠন) হিচাপে অজয় কুমাৰে দলীয় সংগঠন বিস্তাৰ, কৰ্মী সমন্বয় আৰু সাংগঠনিক পৰিকল্পনা ৰূপায়ণত মুখ্য ভূমিকা পালন কৰিব।

এই নিযুক্তিপত্ৰৰ প্ৰতিলিপি দলৰ বিভিন্ন ৰাষ্ট্ৰীয় পদাধিকাৰী, ৰাজ্যিক প্ৰভাৰী, ৰাজ্যিক সভাপতি আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীকো প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *