Global Assam News

Global and Local Assam News Website

অনুপ্ৰৱেশক লৈ কংগ্ৰেছক শাহৰ কটাক্ষ

অনুপ্ৰৱেশক লৈ কংগ্ৰেছক শাহৰ কটাক্ষ

পূনম শৰ্মা
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে চৈগাঁৱৰ নিৰ্বাচনী সভাত কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই অভিযোগ কৰে যে কংগ্ৰেছে অসমক অনুপ্ৰৱেশকাৰীৰ হাতত এৰি দিছিল। তেওঁ কয়, বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসমৰ পৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বাহিৰ কৰা হ’ব।
শ্বাহে ভাষণত কয় যে অসম প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এখন ৰাজ্য, কিন্তু কংগ্ৰেছৰ শাসনকালত অনুপ্ৰৱেশকাৰীয়ে গাঁও, চৰ আৰু বনাঞ্চল দখল কৰিছিল। তেওঁৰ অভিযোগ অনুসৰি, এই অনুপ্ৰৱেশকাৰীয়ে দুখীয়া মানুহৰ মাটি দখল কৰাৰ লগতে কাজিৰঙা বনাঞ্চলৰো বহু অংশ দখল কৰিছিল।

অনুপ্ৰৱেশকাৰীক উচ্ছেদৰ প্ৰতিশ্ৰুতি

অমিত শ্বাহে দাবী কৰে যে বিজেপি চৰকাৰৰ ১০ বছৰত অসমৰ বিভিন্ন স্থানত দখলমুক্ত অভিযান চলাই প্ৰায় ১.৫ লাখ একৰ মাটি মুক্ত কৰা হৈছে। তেওঁ কয়, “আমাৰ উচ্ছেদ অভিযান চলি আছিল, কিন্তু নিৰ্বাচন আহি গ’ল। আপুনি পুনৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাওক, আমি প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বাহিৰ কৰিম।”
শ্বাহৰ এই মন্তব্যক লৈ সভাত উপস্থিত সমৰ্থকৰ মাজত ব্যাপক উৎসাহ দেখা যায়। বিজেপিয়ে পুনৰ অনুপ্ৰৱেশ আৰু ভূমি দখলক এইবাৰো মুখ্য নিৰ্বাচনী ইস্যু হিচাপে তুলি ধৰিছে।

ইউচিচি আৰু বহু বিবাহৰ ওপৰত মন্তব্য

সভাত অমিত শ্বাহে ঘোষণা কৰে যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসমত ইউনিফৰ্ম চিভিল কোড বা ইউচিচি প্ৰয়োগ কৰা হ’ব। তেওঁ কয়, “অসমত ইউচিচি প্ৰয়োগ হ’ব আৰু তাৰ পিছত কোনো ব্যক্তিক চাৰিটা বিয়া কৰাৰ অনুমতি দিয়া নহ’ব।”
তেওঁৰ এই মন্তব্যক বহুতে মুছলমান সমাজক উদ্দেশ্য কৰি কৰা পৰোক্ষ ৰাজনৈতিক বাৰ্তা হিচাপে দেখিছে। বিজেপিয়ে বহুদিন ধৰি ইউচিচিক সমান আইন আৰু সামাজিক ন্যায়ৰ বিষয় হিচাপে উপস্থাপন কৰি আহিছে।

ভূপেন হাজৰিকাক লৈ কংগ্ৰেছক ক্ষমা বিচাৰিবলৈ দাবী

অমিত শ্বাহে সভাত অসমৰ সাংস্কৃতিক আইকন ভূপেন হাজৰিকাক লৈও কংগ্ৰেছক আক্ৰমণ কৰে। তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰাৰ পিছত কংগ্ৰেছ সভাপতিয়ে কৈছিল যে মোদীয়ে এজন গায়কক ভাৰত ৰত্ন দিছে। ই মোদীৰ অপমান নহয়, ই ভূপেন হাজৰিকাৰ অপমান।”
শ্বাহে এই মন্তব্যৰ বাবে কংগ্ৰেছক অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনায়।

মহিলা, কৃষক আৰু যুৱকৰ বাবে প্ৰতিশ্ৰুতি

ভাষণৰ শেষত অমিত শ্বাহে জনকল্যাণমূলক কেইবাটাও প্ৰতিশ্ৰুতি আগবঢ়ায়। তেওঁ কয়, বিজেপি পুনৰ ক্ষমতালৈ আহিলে প্ৰতিগৰাকী মহিলাক মাহে ৩ হাজাৰ টকা সহায় দিয়া হ’ব। কৃষকসকলক বছৰি ১১ হাজাৰ টকাৰ আৰ্থিক সহায় আগবঢ়োৱা হ’ব বুলিও তেওঁ কয়।
ইয়াৰ উপৰিও, ৰাজ্যৰ দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে। এই ঘোষণাসমূহে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত নতুন গতি আনিব বুলি দলীয় নেতাসকলে আশা প্ৰকাশ কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *