পশ্চিমবংগ বিধানসভা নিৰ্বাচন: ২৮৪টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা
সমগ্ৰ সংবাদ সেৱা
কলকাতা,পশ্চিমবংগ ৩০ মাৰ্চ: পশ্চিমবংগত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক উত্তেজনা তীব্ৰ হৈ উঠিছে। এই পৰিস্থিতিত ৰবিবাৰে অল ইণ্ডিয়া কংগ্ৰেছ কমিটি (AICC)-এ ৰাজ্যখনৰ ২৯৪টা বিধানসভা সমষ্টিৰ ভিতৰত ২৮৪টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।
এইবাৰ কংগ্ৰেছে বাম মৰ্চাৰ সৈতে জোট নকৰি এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে। ২০১৬ চনৰ পৰা কংগ্ৰেছ আৰু বাম মৰ্চাই একেলগে নিৰ্বাচন খেলি আহিছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দুয়োটা দলেই এখনো আসন লাভ কৰিব পৰা নাছিল। সেই ব্যৰ্থতাৰ পাছতেই কংগ্ৰেছে এইবাৰ নিজাববীয়াকৈ সকলো ২৯৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে।
দলটোৱে ঘোষণা কৰা তালিকাত আটাইতকৈ উল্লেখযোগ্য নাম হৈছে প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি আৰু পাঁচবাৰ লোকসভা সাংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ। তেওঁক তেওঁৰ নিজ জিলাৰ মুৰ্শিদাবাদৰ বহৰমপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী কৰা হৈছে। বহৰমপুৰত অধীৰৰ জনপ্ৰিয়তা আৰু অভিজ্ঞতা কংগ্ৰেছৰ বাবে ডাঙৰ শক্তি হিচাপে বিবেচিত হৈছে।
আনহাতে, শেহতীয়াকৈ পুনৰ কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভা সাংসদ মৌছম বেনজীৰ নুৰক মালদা জিলাৰ মালতীপুর সমষ্টিৰ পৰা প্ৰাৰ্থী কৰা হৈছে। মৌছমৰ উভতি অহা কংগ্ৰেছৰ বাবে এক গুৰুত্বপূর্ণ ৰাজনৈতিক সংকেত হিচাপে ধৰা হৈছে।
উত্তৰ দিনাজপুৰৰ চাকুলিয়া সমষ্টিৰ পৰা কংগ্ৰেছে আলী ইমৰান ৰমজ ওৰফে ভিক্টৰক টিকট দিছে। ভিক্টৰ আগতে অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ বিধায়ক আছিল আৰু ২০১১ৰ পৰা ২০২১লৈ দুবাৰ চাকুলিয়াৰ পৰা জয়ী হৈছিল। যদিও ২০২১ চনত তেওঁ পৰাজিত হৈছিল। শেহতীয়াকৈ গৃহ হিংসাৰ অভিযোগত বিতৰ্কত জড়াই পৰাৰ পাছতো কংগ্ৰেছে তেওঁক পুনৰ সুযোগ দিয়াটো যথেষ্ট তাৎপর্যপূর্ণ বুলি ধৰা হৈছে।
ইয়াৰ উপৰিও, প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি সোমেন্দ্ৰ নাথ মিত্ৰৰ পুত্ৰ ৰোহন মিত্ৰক দক্ষিণ কলকাতাৰ বালিগঞ্জ সমষ্টিৰ পৰা প্ৰাৰ্থী কৰা হৈছে।
কংগ্ৰেছে এতিয়ালৈকে ২৮৪টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে যদিও বাকী ১০টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম কেতিয়া ঘোষণা কৰা হ’ব, সেই বিষয়ে দলীয় নেতৃত্বই এতিয়াও স্পষ্টকৈ জনোৱা নাই।
এইবাৰ পশ্চিমবংগত কংগ্ৰেছে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত ৰাজ্যখনৰ ৰাজনীতি নতুন দিশলৈ গতি ল’ব পাৰে বুলি ধৰা হৈছে। বিশেষকৈ তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলি থকা প্ৰতিযোগিতাৰ মাজত কংগ্ৰেছে নিজৰ ভেটি পুনৰ মজবুত কৰিবলৈ এই নিৰ্বাচনক গুৰুত্বপূর্ণ সুযোগ হিচাপে লৈছে।
