সৰ্বানন্দ সোণোৱাল: বিদেশীমুক্ত অসমৰ দাবীত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী
- দুলীয়াজানত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা অনুষ্ঠিত
- বিদেশীমুক্ত অসম গঢ়াৰ লক্ষ্যৰ কথা উল্লেখ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ
- মন্তব্য খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ ওপৰত জোৰ কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ সমালোচনা
- বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ সমৰ্থনত প্ৰচাৰ অভিযা
সমগ্ৰ সমাচাৰ সেৱা
দুলীয়াজান, ৫ এপ্রিল: বিদেশীমুক্ত অসমৰ দাবীত বিজেপিৰ জোৰদাৰ প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ
দুলীয়াজানতমন্তব্য আগবঢ়ায় “এইখন অসম অসমীয়াৰ, ইয়াত কেৱল অসমীয়াৰ অধিকাৰ থাকিব লাগিব। কোনো যুক্তিতে অবৈধ মিঞা বালাংদেশীৰ দপদপনি সহ্য নকৰোঁ। মহাবীৰ লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে ১৮ বাৰ যুঁজ দি বিদেশী আক্ৰমণক পৰাভূত কৰি অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব যেনেধৰণে বীৰ বিক্ৰমেৰে ৰক্ষা কৰিলে, সেইবাবে বিশ্বজুৰি আমাৰ ৰাজ্যই সুকীয়া মর্যাদা পাবলৈ সক্ষম হ’ল। লাচিত বৰফুকনে বহিৰাগত শত্ৰুৰ হাতৰ পৰা নিজ দেশক উদ্ধাৰ কৰাৰ শিক্ষাৰে শিক্ষিত কৰি গৈছে আমাৰ সমাজ জীৱনক। সেয়ে আমাৰ সমাজ জীৱনত এনে বিশ্বাস প্রোথিত হৈছে যে অসমীয়া জাতি মানে বীৰ লাচিত, বীৰ চিলাৰায়, ৰাঘৱ মৰাণ, সৰ্বানন্দ সিংহ আদি তেনেধৰণে অসমীয়া জাতিক আমি মূল্যায়ন কৰিছোঁ। গতিকে এইবাৰো এই নির্বাচনত আমি সংকল্প লৈছোঁ যে অবৈধ মিঞা বাংলাদেশীৰ কবলৰ পৰা মাটি-ভেটি আমি উদ্ধাৰ কৰিম।”
দুলীয়াজান বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্রার্থী তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ
দুলীয়াজানৰ পাছতে টেঙাখাতৰ প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰে। তেওঁ নিৰ্বাচনী সভাৰ ভাষণৰ প্রসংগত কয়- এতিয়াও অসমখন সম্পূর্ণৰূপে বিদেশীমুক্ত হোৱা নাই। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম চৰকাৰে বিদেশীমুক্ত কৰিবলৈ যি শক্তিশালী পদক্ষেপ গ্রহণ কৰিলে তাৰ বাবে খিলঞ্জীয়াই কিছু হ’লেও সকাহ পাইছে। অসমৰ বিভিন্ন প্রান্তত অবৈধ বাংলাদেশীৰ হাতত যিমানসংখ্যক মাটি আছে সেই ঠাইত উচ্ছেদ চলাই সেই মাটি খিলজীয়া মানুহৰ হাতত তুলি দিব লাগিব। আজিপর্যন্ত বিজেপি চৰকাৰে আঠ লাখ খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা দিছে। অধিকাৰ সাব্যস্ত কৰিবলৈ হ’লে প্রথমে নিজৰ মাটিৰ ওপৰত সাংবিধানিক দলিল পাবই লাগিব খিলঞ্জীয়াই। নিজৰ মাটিৰ যোগেদিহে স্থায়ীভাৱে প্রভুত্ব বিস্তাৰ কৰিব পাৰে। ইতিমধ্যে চৰকাৰে অবৈধ বাংলাদেশীৰ ডেৰ লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলাই তাক মুক্ত কৰিবলৈ সক্ষম হৈছে।
সভাত উপস্থিত থাকে বহু কেইজন ব্যক্তি
সভাত উপস্থিত থাকে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্রার্থী ৰামেশ্বৰ তেলীকে ধৰি ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা, ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা প্রাক্তন বিধায়ক ঋতুপর্ণ বৰুৱা, হাৰিয়ানাৰ প্ৰাক্তন শিক্ষামন্ত্রী তথা প্রবাসী প্ৰভাৰী চিমা তৃষা, দুলীয়াজান সমষ্টিৰ সংযোজক তথা জ্যেষ্ঠ নেতা ইন্দ্র গগৈ, জ্যেষ্ঠ নেত্রী ডেইজী ৰাণী ফুকন শ্যাম, যুর নেতা তথা মিডিয়া পেনেলিষ্ট শংকৰজ্যোতি বৰুৱা, দুলীয়াজান সমষ্টিৰ প্ৰভাৰী গৌৰী বৰা, ডিব্ৰুগড় জিলা অগপৰ সভাপতি আদিত্য গোস্বামী, জ্যেষ্ঠ নেতা বংশীলাল চাহুকে ধৰি জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু মণ্ডল পৰ্যায়ৰ দলীয় নেতৃত্ব।
