হাইলাকান্দিত পুনৰ লাভ জেহাদৰ বলি বিবাহিত মহিলা
সমগ্ৰ সমাচাৰ সেৱা
হাইলাকান্দি ,২ এপ্রিল:
ভুৱা পৰিচয়েৰে মহিলা প্ৰৱঞ্চনা কৰাৰ অভিযোগত এজন গ্ৰেপ্তাৰ ফেচবুকত “ৰাহুল” নামেৰে চিনাকি হৈছিল অভিযুক্ত
হাইলাকান্দিত পুনৰ লাভ জেহাদৰ ঘটনা পোহৰলৈ ঘটনা পোহৰলৈ আহিছে। লাভ জেহাদৰ সৈতে জড়িত অভিযোগত হাইলাকান্দিত এজনক গ্ৰেপ্তাৰ। হাইলাকান্দি তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ গাড়ীচালক হায়দাৰ আলীক হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিজস্ব ধৰ্ম আৰু পৰিচয় লুকুৱাই এগৰাকী মহিলাৰ সৈতে সম্পর্ক স্থাপন কৰাৰ লগতে ব্লেকমেইল কৰি মহিলাগৰাকীৰ পৰা ধন আদায় কৰাৰ অভিযোগ । ৩৪ বছৰীয়া হায়দাৰ আলীৰ ঘৰ দৰং জিলাৰ জুগীপাৰা গাঁৱত । ১ এপ্ৰিলৰ সন্ধিয়া আৰক্ষীয়ে হায়দাৰক আদালতত হাজিৰ কৰায়।
অভিযুক্তক আৰক্ষী ৰিমাণ্ডলৈ প্ৰেৰণ
হাইলাকান্দি আদালতে জেৰাৰ বাবে তেওঁক এদিনীয়া আৰক্ষী ৰিমাণ্ডলৈ প্ৰেৰণ কৰিছে । আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, হায়দাৰ দীঘলীয়া সময় ধৰি হাইলাকান্দিৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত। কিন্তু তেওঁ নিজকে “ৰাহুল” নামে পৰিচয় দিছিল। “Rahul RDx” নামে এটা ফেচবুক একাউন্টো আছিল তেওঁৰ। নিজকে হিন্দু ধৰ্মাৱলম্বী বুলি দেখুৱাই তেওঁ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল।
মোবাইল আৰু পেনড্ৰাইভৰ পৰা উদ্ধাৰ বিতর্কিত সামগ্ৰী
পাছত সেই মহিলাক ধনৰ বাবে ব্লেকমেইল কৰাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰে। লগতে দাবী কৰা ধন নিদিলে অন্তৰংগ ভিডিঅ’ আৰু ফটো ভাইৰেল কৰাৰ বাবে মহিলাগৰাকীক ভাবুকি দিছিল। নিজে বিবাহিত হোৱা সত্ত্বেও তেওঁ নিজকে অবিবাহিত বুলি কয় মহিলাসকলক পতিয়ন নিয়াৰ বুলি জানিব পৰাগৈছে । আৰক্ষীয়ে হায়দাৰৰ মোবাইল আৰু পেনড্ৰাইভৰ পৰা একাধিক বিতর্কিত ভিডিঅ’ আৰু ফটো উদ্ধাৰ কৰিছে ।
