পীযুষ হাজৰিকা : দেশপ্ৰেমীয়ে কংগ্ৰেছত বেছি দিন নাথাকে
- জাগীৰোডত ২৭ হাজাৰ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প
- বন্ধ নগাঁও কাগজ কলৰ ঠাইত নতুন উদ্যোগ
- টাটা ইলেক্ট্ৰনিক্সে গঢ়ি তুলিছে বৃহৎ উৎপাদন কেন্দ্ৰ
- প্ৰায় ২৯ হাজাৰ লোকৰ কৰ্মসংস্থানৰ সম্ভাৱনা
- অঞ্চলটো উদ্যোগিক নগৰীত ৰূপান্তৰৰ পথত
৫৫০ একৰ ভূমিত ২৭ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে টাটা ইলেক্ট্ৰনিক্স-এ এটা বৃহৎ ছেমিকণ্ডাক্টৰ উৎপাদন প্ৰকল্প গঢ়ি তুলিছে। এই প্ৰকল্প ২০২৬ চনত কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ জৰিয়তে জাগীৰোড কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰতৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিব বুলি আশা কৰা হৈছে।জাগীৰোডত ১৯৮৫ চনত স্থাপিত হোৱা নগাঁও কাগজ কল, যি “হিন্দুস্তান পেপাৰ কৰ্প’ৰেচন লিমিটেড ৰ অধীনত চলিছিল, বহু বছৰ ধৰি অঞ্চলটোৰ অৰ্থনীতি আৰু কৰ্মসংস্থাপনৰ মূল আধাৰ আছিল। হাজাৰ হাজাৰ স্থানীয় লোকৰ উপাৰ্জনৰ উৎস হৈ উঠা এই কাগজ কল অঞ্চলটোৰ পৰিকাঠামো উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।কিন্তু ধাৰাবাহিক লোকচান আৰু আৰ্থিক সংকটৰ ফলত ২০১৫-১৬ চনৰ ভিতৰত কাগজ কলটো বন্ধ হৈ যায়। ২০১৯ চনত দেউলীয়াত হোৱাৰ পিছত হাজাৰ হাজাৰ কৰ্মচাৰী চাকৰি হেৰুৱায় আৰু সমগ্ৰ অঞ্চলটোত আৰ্থিক সমস্যাই দেখা দিছিল ।
দেশজুৰি অনুমোদিত ছেমিকণ্ডাক্টৰ প্ৰকল্পসমূহে বছৰি ২৪ বিলিয়নকৈও অধিক চিপচ উৎপাদন কৰিব পাৰে বুলি অনুমান কৰা হৈছে। জাগীৰোডৰ এই প্ৰকল্পৰ লগতে অন্যান্য ৱেফাৰ ফ্যাব্ৰিকেচন ইউনিট আৰু পেকেজিং প্লাণ্টসমূহ মিলি দৈনিক প্ৰায় ৭৫ৰ পৰা ৮০ মিলিয়ন চিপচ উৎপাদনৰ ক্ষমতা গঢ়ি তুলিব।
জাগীৰোডক বৃহৎ উদ্যোগিক পৰিসৰ গঢ়াৰ পৰিকল্পনা
অসম চৰকাৰে জাগীৰোডক এটা বৃহৎ উদ্যোগিক পৰিসৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত থাকিব প্ৰযুক্তি উদ্যান, উদ্যোগিক খেতি, আধুনিক ছেটেলাইট টাউনশ্বিপ আৰু নতুন নগৰ উন্নয়ন পৰিকল্পনা। ফলত এসময়ৰ গ্ৰাম্য আৰু বন্যাপীড়িত অঞ্চলটো ধীৰে ধীৰে এটা আধুনিক উদ্যোগিক নগৰীত পৰিণত হ’ব ।
পীযুষ হাজৰিকাৰ পৰিকল্পনালৈ মতামত
জাগীৰোডৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাই কয় যে, “জাগীৰোড আগতে বন্যাপীড়িত অঞ্চল আছিল, কিন্তু এতিয়া পৰিস্থিতি বহুখিনি নিয়ন্ত্ৰণত আহিছে। এই প্ৰকল্পৰ জৰিয়তে প্ৰায় ২৯ হাজাৰ লোকৰ কৰ্মসংস্থান হ’ব আৰু প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ আহিব। লগতে ৬ হাজাৰ কোটি টকাৰে এটা মডেল টাউনশ্বিপ গঢ়ি তোলা হ’ব, যিয়ে পৰ্যটন খণ্ডতো গতি আনিব।”
বন্যা সমস্যা সম্পৰ্কে তেওঁ কয় যে, “প্ৰায় ৯০ শতাংশ বন্যা সমস্যা নিয়ন্ত্ৰণ কৰা হৈছে। বাকী অঞ্চলসমূহত সমস্যা আছে, কাৰণ ওচৰৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহত পৰিৱেশগত ভাৰসাম্য ৰক্ষা কৰিবলৈ পানীৰ স্বাভাৱিক প্ৰবাহ বজাই ৰাখিব লাগিব।”
ৰাজনৈতিক ক্ষেত্ৰতো বিজেপি যথেষ্ট আত্মবিশ্বাসী। পীযুষ হাজৰিকাই দাবী কৰে যে ডিমৰীয়াৰ পৰা কলিয়াবৰলৈ এই সমগ্ৰ অঞ্চলৰ ১২টা আসনৰ ভিতৰত বিজেপি আৰু মিত্ৰদলে ৮ৰ পৰা ৯টা আসন লাভ কৰিব পাৰে।
অবৈধ অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰাতো শক্তিশালী ভিত্তি নহয়
বিৰোধী দলক সমালোচনা কৰি তেওঁ কয়, “যিসকলে দেশক সঁচাকৈ ভালপায়, তেওঁলোকে বেছি দিন কংগ্ৰেছত থাকিব নোৱাৰে। অবৈধ অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰা দল শক্তিশালী ভিত্তি গঢ়ি তুলিব নোৱাৰে।”
জাগীৰোডৰ এই ৰূপান্তৰ এতিয়া বিজেপিৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু হৈ পৰিছে। বন্ধ কাগজ কলৰ স্মৃতি বহন কৰা অঞ্চলটোৱে এতিয়া উন্নয়ন, উদ্যোগ আৰু প্ৰযুক্তিনিৰ্ভৰ অসমৰ নতুন পৰিচয় গঢ়ি তোলাৰ দাবী কৰিছে।
