শত্ৰুৰ পৰিকল্পিত আক্ৰমণৰ বলি হৈছে সনাতন হিন্দু সমাজ
সমগ্ৰ সমাচাৰ সেৱা
নলবাৰী, অসম ২ এপ্ৰিল : বহিৰাগত মুছলমানে পৰিকল্পিতভাৱে অসমৰ খিলঞ্জীয়াৰ হাতত থকা দুই শতাধিক জীৱিকা । পথাৰ আামাৰ বজাৰ আমাৰ আৰু ধৰ্ম সংস্কৃতিৰ ওপৰত মুছলমানলোকসকলে কৰা আক্ৰমণ প্ৰতিহত কৰাত ব্যৰ্থ হৈছে সনাতন হিন্দু সমাজ। পথাৰ বজাৰৰ লগতে সংস্কৃতি আৰু ধৰ্মক ধৰি ৰাখিব নোৱাৰিলে নিজৰ অস্তিত্ব সংগ্ৰাহালয়ত বিচাৰিব লাগিব হিন্দু সমাজে। এই মন্তব্য ৰাষ্ট্ৰীয় হিন্দু ফণ্টৰ ৰাজ্যিক সভাপতি বলিন বৈশ্যৰ। নলবাৰীৰ লেখক সভাত অনুষ্ঠিত হোৱা সাধাৰণ সভা কক্ষত এই মত প্ৰকাশ ৰাজ্যিক সভাপতি বলিন বৈশ্যৰ। নলবাৰীৰ বিশিষ্ট সমাজ সেৱক ভৱ প্ৰসাদ গোম্বামীৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। ৰাজ্যিক সভাপতিজনে বাংলাদেশী জেহাদী মুছলমানৰ পৰিকল্পিত আক্ৰমণৰ উপৰিও খ্ৰীষ্ট্ৰান মিছনাৰীসকলেও চলে বলে কৌশলে ধৰ্মান্তৰ কৰি সনাতন হিন্দুসমাজখনক আঘাট হানিছে ।
খ্ৰীষ্ট্ৰান মিছনাৰীসকলয এই আগ্ৰাসনকো তেওঁ শত্ৰুতা আখ্যা দিছে ৰাজ্যিক সভাপতি গৰাকীয়ে। একেদৰে চীনৰ আগ্ৰাসন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা কু-দৃষ্টি , অসম আৰু উত্তৰ পূৰ্বাঞ্চলক নিজৰ দখললৈ নিয়াৰ অভিসন্ধিক সম্ভাব্যপূৰ্ণ সফল ৰূপ দিয়াৰ ক্ষেত্ৰতত অসম বাম পন্থীসকলৰ ভূমিকাকো তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে। সভাখন ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনৰে আৰম্ভ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে।
সংগঠনটোৰ ৰাজ্যিক সংযোজক গুৱাহাটীৰ উচ্চ ন্যায়লয়ৰ অধিবক্তা বিপ্ৰদ্বীপ দেব, বৃত্তীয় সম্পাদক দীনেশ গইংকাও নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। আজিৰ গাম্ভীৰ্যপূৰ্ণ সভাখন স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাজ্যিক উপসভাপতি কিশোৰ ডেকা আৰু নলবাৰী জিলাৰ লেখক সভাৰ সভাপতি অৰ্জুন সেন ডেকা আৰু সম্পাদক বিজয় বৰুৱাৰ লগতে হেমন্ত পাটগিৰীও উপস্থিত থাকে।
ভৱপ্ৰসাদ গোস্বামীক সভাপতি আৰু বিকুধন ডেকাক সম্পাদক হিচাপে লৈ উক্ত সভাতে ৰাষ্ট্ৰীয় হিন্দু ফণ্ট , অসম নলবাৰী জিলা সমিতিখন গঠন কৰা হয়। নলবাৰীৰ ৰেখা বাহকক ৰাজ্যিক সাংগঠিক সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।
- নলবাৰীত অনুষ্ঠিত সভাত সনাতন হিন্দু সমাজৰ ওপৰত আক্ৰমণ,
- ধৰ্মান্তৰ আৰু সাংস্কৃতিক সংকট সন্দৰ্ভত তীব্ৰ উদ্বেগ প্ৰকাশ,
- জিলা সমিতি গঠন আৰু সংগঠন শক্তিশালী কৰাৰ আহ্বান
- নলবাৰীত ৰাষ্ট্ৰীয় হিন্দু ফণ্টৰ সাধাৰণ সভা অনুষ্ঠিত
- খিলঞ্জীয়া জীৱিকা আৰু সংস্কৃতি ৰক্ষাত চিন্তা প্ৰকাশ
- বহিৰাগত আক্ৰমণৰ অভিযোগত তীব্ৰ প্ৰতিক্ৰিয়া
- ধৰ্মান্তৰণ আৰু সাংস্কৃতিক আগ্ৰাসনক লৈ উদ্বেগ
- বামপন্থীসকলৰ ভূমিকাত কঠোৰ সমালোচনা
- নতুন জিলা সমিতি গঠন, নেতৃত্ব নিৰ্বাচন
- সংগঠনটোৰ ভৱিষ্যৎ কৰ্মপন্থা নিৰ্ধাৰণৰ আহ্বান
- অস্তিত্ব ৰক্ষাৰ বাবে একত্ৰিত হোৱাৰ আহ্বান
