Global Assam News

Global and Local Assam News Website

নাওবৈছা : কংগ্ৰেছৰ প্রার্থী জয়প্রকাশ দাস টি,এম,পি,কে’ৰ ৰোষত 

নাওবৈছা : কংগ্ৰেছৰ প্রার্থী জয়প্রকাশ দাস টি,এম,পি,কে'ৰ ৰোষত 
  • নাওবৈছা সমষ্টিত কংগ্ৰেছ প্ৰচাৰ চলাওঁতে উত্তেজনা সৃষ্টি
  • টি.এম.পি.কে’ৰ কৰ্মীয়ে বাট ভেটি ধৰি “কংগ্ৰেছ গ’ বেক” ধ্বনি
  • প্ৰচাৰ ৰেলীত গাড়ীলৈ পানীৰ বটল আৰু শিলগুটি নিক্ষেপ
  • ঘটনাত এজন কংগ্ৰেছ কৰ্মী আহত হয়
  • দলীয় পতাকা আঁতৰোৱা আৰু প্ৰচাৰ কাৰ্যালয়ৰ আশে-পাশে উত্তেজনা
  • জয়প্ৰকাশ দাসে ঘটনাৰ তীব্ৰ নিন্দা কৰি নির্বাচন আয়োগক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান

কংগ্ৰেছৰ প্রার্থী জয়প্রকাশ দাস টি,এম,পি,কে’ৰ ৰোষত 

সমগ্ৰ সমাচাৰ সেৱা

ঢকুৱাখানা, ৫এপ্ৰিল:

নৱ গঠিত ৭৫নং নাওবৈছা সমষ্টিৰ অন্তর্ভুক্ত হোৱা পূৰ্বৰ ঢকুৱাখনা সমষ্টিৰ সোৱণশিৰী পঞ্চায়তৰ মৰনৈ পাতুচুক তিনি আলিত আজি কংগ্ৰেছৰ প্রার্থী জয়প্রকাশ দাসে নির্বাচনী প্ৰচাৰ চলাবলৈ আহি টি,এম,পি,কে’ৰ ৰোষত পৰে  ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৩ এপ্ৰিলৰ দুপৰীয়া সোৱণশিৰী পঞ্চায়তৰ মাজ পাতৃচুকত কেইবাশতাধিক দলীয় সমর্থক লৈ নিৰ্বাচনী প্ৰচাৰ চলাই ঢকুৱাখনা সমষ্টিৰ মৰনৈ পমুৱা হৈ পথেৰে নামনি পগতৃচুকলৈ আহি থকাৰ অৱস্থাত মৰনৈ নামনি পাতৃচুক তিনিআলিত শ শ টি.এম.পি.কে’ৰ কৰ্মীয়ে বাট ভেটি ধৰি লৈ কংগ্রেছ গ’ বেক ধ্বনি দিয়ে।  

ৰেলীত টে এম পিকেৰ আক্ৰমণ

প্ৰচাৰ ৰেলীত সংঘৰ্ষ আৰু আহত  টি,এম, পি,কেৰ একাংশ কর্মীয়ে কংগ্রেছ প্রার্থী জয় প্রকাশ দাসৰ নিৰ্বাচনী প্ৰচাৰৰ ৰেলীত অহা গাড়ীলৈ পানীৰ বটল, শিলগুটি আদি দলিয়াই। ইয়াৰ ফলত এগৰাকী কংগ্রেছ কর্মী আহত হয়।  কংগ্ৰেছৰ ৰেলীত অহা সমর্থক সকলৰ গাড়ীৰ পৰা কংগ্ৰেছৰ দলীয় পতাকাবোৰ আঁতৰাই দিয়াৰ লগতে ইয়াৰ টি,এম,পি, কে’ৰ কৰ্মীসকলে পাতৃচুক তিনি আলিস্থিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ৰ আশে পাশে লগাই থোৱা দলীয় পতাকাবোৰো খুলি পেলায়। 

ঘটনা সন্দৰ্ভত জয়প্ৰকাশ দাসৰ প্ৰতিক্ৰিয়া

উক্ত সমগ্র ঘটনাৰ সন্দৰ্ভত তীব্র প্রতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ প্রার্থী জয় প্রকাশ দাসে মত পোষণ কৰে যে “নাওবৈছা সমষ্টিৰ ৰাইজে কংগ্ৰেছৰ প্ৰতি অভূতপূর্ব সঁহাৰি জনোৱাত মিত্রজোটৰ প্ৰাৰ্থীজনৰ নিশ্চিত পৰাজয়ৰ আশংকা কৰি আমাৰ ওপৰত উদণ্ড যুৱকৰ গুণ্ডা বাহিনী লগাই আজি আক্রমণ কৰোৱাইছে। এইবোৰ কথা এখন গণতান্ত্রিক দেশৰ বাবে ভাল কথা নহয়; মিচিং জাতিৰ বাবেও ভাল পৰিৱেশ নহয়।” এই ঘটনাক গৰিহণা দি নির্বাচন আয়োগক এই সন্দর্ভত কঠোৰ হবলৈও আহ্বান জনাই ৭৫নং নাওবৈছা সমষ্টিৰ কংগ্ৰেছ প্রার্থী জয় প্রকাশ দাসে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *