শিৱসাগৰ সমষ্টিৰ নির্বাচনী গৰম বতাহ
- শিৱসাগৰ সমষ্টিত কুশল দুৱৰীৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ
- হাঁহচৰা আৰু চেৰেকাপাৰ পঞ্চায়তত একাধিক সভা অনুষ্ঠিত
- ভোটাৰ আৰু দলীয় কৰ্মীৰ ব্যাপক উপস্থিতি
- অখিল গগৈক কটাক্ষ কৰি তীব্ৰ ৰাজনৈতিক মন্তব্য
- বিজেপিৰ জয় নিশ্চিত বুলি দাবী কুশল দুৱৰীৰ
সমগ্ৰ সমাচাৰ সেৱা
শিৱসাগৰ, ৩ এপ্রিল:
বিভিন্ন পঞ্চায়তত ধুমুহা গতিৰে প্ৰচাৰ
শিৱসাগৰ সমষ্টিৰ বিভিন্ন অঞ্চলত জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিজেপি প্রার্থী কুশল দুৱৰীয়ে। বুধবাৰে হাঁহচৰাৰ দুয়োখন পঞ্চায়তৰ চাৰিখন সভাত অংশ গ্ৰহণ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ। প্রথমে চেৰেকাপাৰ পঞ্চায়তৰ হাতীমুৰীয়া গাঁও পেট্রল পাম্পৰ সন্মুখত, বিয়লি সিংহদুৱাৰ প্ৰেক্ষাগৃহত, পৰৱৰ্তী হাঁহচৰা পঞ্চায়তৰ মৰাণ গাঁও প্রেক্ষাগৃহত আৰু সন্ধিয়া লংকাকৰ গিৰীন্দ্ৰ নাথ প্রেক্ষাগৃহত। বিপুল সহাৰি ভোটাৰ ৰাইজৰ লগতে দলীয় কার্যকর্তা উপস্থিত থাকে দুৱৰীৰ সভাত।
ৰাইজৰ ব্যাপক সঁহাৰি
দুৱৰীয়ে সংবাদ মাধ্যমৰ মত প্ৰকাশ কৰে যে শিৱসাগৰ সমষ্টিৰ ৰাইজে বিপুল সঁহাৰি জনাইছে আৰু খুব উৎসাহেৰে তেওঁলোক ওলাই আহিছে। গতিকে নিশ্চিতভাৱে শিৱসাগৰ সমষ্টিত ভাৰতীয় জনতা পার্টীয়ে শেষ হাঁহি মাৰিব। আমি নিশ্চিত হৈছোঁ ।
অখিল গগৈক লক্ষ্য কৰি তীব্ৰ সমালোচনা
দুৱৰীয়ে অখিল গগৈক কটাক্ষ কৰি কয় যে আগতে ৰাইজৰ দল বুলি কোনো দল নাই। অখিল গগৈয়ে ৰাইজৰ দল বুলি কৈ ৰাইজক প্ৰলোভন দিলে । গগৈক একছত্রী সম্রাট আখ্যা দি নির্দলীয় মানুহ বুলি মত পোষণ কৰে । অখিল গগৈ বিগতভৰ্ষত জয়ী হোৱা সন্দৰ্ভত দুৱৰীয়ে কয় “মাকে আহি কান্দিলে, পুতেকে কাকুতি-মিনতি কৰিলে আৰু জে’লৰ পৰা উলিয়াই দিব লাগে বুলি ভোট বিচাৰিলে। সেয়ে শিৱসাগবাসী ৰাইজে চকুপানী দেখি ভোট দিলে আৰু অখিল গগৈ জয় হয় । “ শিৱসাগৰ সমষ্টিৰ কাৰণে বিধানসভাত এটাও প্রশ্ন কৰা দেখা নাপালোঁ লগতে অখিল গগৈয়ে এতিয়া কংগ্ৰেছৰ বোকোচাত উঠি ফুৰা বুলি উল্লেখ কৰে । ইয়াৰ উপৰি ইয়াত কোনো তিনিকোণীয়া প্রতিদ্বন্দ্বিতা নহয় বুলি কোৱাৰ সমান্তৰালভাৱে শিৱসাগৰ সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পার্টীহে আদৰি ল’ব বুলি মন্তব্য আগবঢ়ায় ।
