Global Assam News

Global and Local Assam News Website

বিজেপি প্রার্থী ৰূপজ্যোতি কুৰ্মীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

বিজেপি প্রার্থী ৰূপজ্যোতি কুৰ্মীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ
  • চুবুৰিয়ে চুবুৰিয়ে গৈ ভোটাৰৰ সৈতে প্রত্যক্ষ সংযোগ
  • নিজৰ জয়ৰ ক্ষেত্ৰত আত্মবিশ্বাস প্ৰকাশ
  • ২৫ বছৰৰ ৰাজনৈতিক জীৱনৰ “গোপন কৌশল” উল্লেখ
  • প্ৰতিদ্বন্দ্বীক লক্ষ্য কৰি পৰোক্ষ কটাক্ষ
  • জনতাৰ আশীৰ্বাদত ষষ্ঠবাৰ জয়ী হোৱাৰ আশা
  • অহংকাৰৰ পৰা আঁতৰ থাকিবলৈ দৈনিক প্ৰাৰ্থনা কৰাৰ মন্তব্য

সমগ্ৰ সমাচাৰ  সেৱা

মৰিয়নি , ৩ এপ্রিল: মৰিয়নি সমষ্টিত ঘৰেঘৰে গৈ ভোটাৰৰ সৈতে সংযোগ

মৰিয়নি সমষ্টিত নির্বাচনী প্ৰচাৰ । বিজেপি প্রার্থী ৰূপজ্যোতি কুর্মীয়েও চুবুৰিয়ে চুবুবিয়ে প্ৰচাৰ চলাই ভোটাৰৰ সৈতে প্রত্যক্ষ সম্পৰ্ক । তেওঁ নিজৰ জয়ৰ ক্ষেত্রত আত্মবিশ্বাসী এইবোৰ জনতাৰ আশীৰ্বাদ লাভ কৰাৰ আশা প্ৰকাশ।  নির্বাচনী প্ৰচাৰৰ মাজতে ৰূপজ্যোতি কুৰ্মীয়ে কয়- ২৫ বছৰ ধৰি বিধায়ক হৈ থকাৰ আঁৰত তেওঁৰ আছে এক গোপন কৌশল, সেই কৌশল ৰাজহুৱা কৰিবলৈ তেওঁ ভাল নাপায় বুলি উল্লেখ কৰে।

জয়ৰ ক্ষেত্ৰত আত্মবিশ্বাস প্ৰকাশ বিজেপি প্ৰাৰ্থীৰ

তেওঁ প্রতিদ্বন্দ্বীৰ নাম প্ৰকাশ নকৰাকৈ কটাক্ষ কৰি কয় “কিছুমান লোক প্রথমবাৰ ৰাজনীতিলৈ আহিয়েই পৰাজয়ৰ সন্মুখীন হ’ব, বেয়া লাগিছে কোনোবা ৰাজনীতিলৈ আহিছে প্রথমবাৰতেই হাৰিব।” একেদৰে কয় – “মোৰ এটা পৰিয়াল আছে, সেই পৰিয়ালটো ফিক্সড। সেই পৰিয়ালটোৱে মোকে ভোট দিব। ৩ বাৰ মোৰ মাক ভোট দিছে, মোক পাঁচবাৰ বিধায়ক বনাইছিল আৰু এইবাৰ ষষ্ঠবাৰো জনতাই মোক জয়ী কৰিব বুলি মই বিশ্বাসী।” তদুপৰি কয়- “ৰাৱণ অহংকাৰৰ বাবে ধ্বংস হৈছিল। সেইবাবে মই প্রতিদিনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে লোভ, মোহ, কাম, ক্রোধ, অহংকাৰ, দম্ভ আদি সাত ৰিপু মোৰ গাত লম্ভিবলৈ সুযোগ নাপায় ।”

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *