বৰপেটাত নিৰ্বাচনী সভাত যোগী আদিত্যনাথৰ তীব্ৰ হুংকাৰ
- বৰপেটাত যোগী আদিত্যনাথৰ নিৰ্বাচনী সভা
- NDA প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সমৰ্থনত প্ৰচাৰ কংগ্ৰেছ আৰু AIUDFক তীব্ৰ সমালোচনা
- অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ উল্লেখ
- উন্নয়ন আৰু ডবল ইঞ্জিন চৰকাৰৰ প্ৰতিশ্ৰুতি
সমগ্ৰ সমাচাৰ সেৱা
বৰপেটা,৪ এপ্ৰিল:
বৰপেটাত নিৰ্বাচনী সভাত যোগী আদিত্যনাথ
বৰপেটা (সংৰক্ষিত) সমষ্টিৰ এন ডি এ মিত্রজোটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সমৰ্থনত শুকুৰবাৰে বৰপেটা চহৰৰ বিলৰতাৰীহাটীৰ দল্লিদবাৰ পথাৰত আয়োজন কৰা নির্ব্বাচনী সভাত প্ৰচাৰ চলাবলৈ উপস্থিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ । তেওঁ কয় যে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে সদায় অসমৰ সংস্কৃতিৰ সৈতে খেলা কৰি আহিছে। দল দুটাই অনুপ্ৰৱেশকাৰী আনি ইয়াৰ অসমৰ জনগাঁথনি সলনি কৰাৰ চেষ্টা কৰি আহিছে। এই অনুপ্ৰৱেশকাৰী সকলে অসমৰ মানুহৰ মাটি বাৰী, দোকান, সম্পত্তি কাঢ়ি নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। অসমৰ সত্বাক নিজৰ দখললৈ নিয়াৰ চেষ্টা কৰি আহিছে। কিন্তু কংগ্ৰেছ আৰু এ আই ইউ ডি এফে এই সপোন এন ডি এ চৰকাৰে কেতিয়াও সফল হবলৈ নিদিয়ে। তেওঁ কয় যে অসমক জেহাদ আৰু লাভ জেহাদৰ ভূমি হবলৈ নিদিওঁ। অসম কেতিয়াওঁ অনুপ্রৱেশকাৰীৰ আড্ডাস্থলী হ’ব নোৱাৰে। এন ডি এ নেতৃত্বাধীন এই ডবল ইঞ্জিন চৰকাৰে প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি অসমৰ পৰা বাহিৰ কৰাৰ ব্যৱস্থা কৰিব। আন্যফালে , অসম এক পবিত্র ভূমি বুলি উল্লেখ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে যে , মোৰ সৌভাগ্য যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱ দেৱৰ এই পূণ্যভূমিত উপস্থিত হৈ সেৱা জনাব পাইছোঁ । মা কামাখ্যাৰ পৱিত্ৰ ভূমি, অসমৰ পৱিত্ৰ বৈষ্ণৱ ভূমি বৰপেটাত উপস্থিত হৈ আপোনালোকক সেৱা জনাবলৈ সুযোগ লাভ কৰিছোঁ । যোগী আদিত্য নাথে ভাষণৰ আৰম্ভণিতে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। অসমৰ গৌৰৱম আধ্যাত্মিক আৰু সাংস্কৃতিক পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কাৰ্যক আগবঢ়াই নিছে।
NDA প্ৰাৰ্থীৰ সমৰ্থনত উন্নয়ন আৰু সংস্কৃতি ৰক্ষাৰ প্ৰতিশ্ৰুতি
শংকৰ মাধৱ গুৰুদুজনাৰ এই পবিত্র ভূমি মানৱতাৰ ভূমিত পৰিণত হৈছে। অসমৰ এক গৌৰৱময় পৰম্পৰা আছে। এই পবিত্র অসমভূমিলৈ মানুহ মা কামাখ্যাক দর্শন কৰিবলৈ মানুহ আহে। শ্রীমন্ত শংকৰদেৱ-মাধৱদেৱে অসমক মানৱতাৰ ভূমি কৰিছিল। শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ পৰম্পৰাই এই অসমভূমিক নতুন উচ্চ শিখৰলৈ নি একতা আৰু মানৱতাৰ বাৰ্তা প্ৰৱৰ্তন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা এশিঙীয়া গড়ে অসমৰ নাম বিশ্বৰ মানচিত্ৰত উজলাই ৰাখিছে। তেওঁ আহোম ৰাজত্বকালৰ কথা উল্লেখ কৰি কয় যে, এই অসম ৰাজ্যতে বিদেশী শাসনৰ অৱসান ঘটাই অসমৰ সমৃদ্ধ সংস্কৃতিক এক উচ্চ পর্যায়লৈ নি ভাৰতক ৰক্ষা কৰাৰ ক্ষেত্ৰত আহোম ৰজা সকলে বিশেষ ভূমিকা পালন কৰিছিল। সেই সময়ৰ আহোমৰ সেনাপতি লাচিত বৰফুকনৰ অদম্য সাহস আৰু বীৰত্বই ভাৰতীয় যুৱশক্তিক প্ৰেৰণা যোগাইছে। বিশ্ব বিশ্রুত শিল্পী ড° ভূপেন হাজৰিকাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রী আদিত্যনাথে কয়- এই ভূমিতে সংস্কৃতিৰ মহানায়ক ড০ ভূপেন হাজৰিকাৰ জন্ম হৈছিল প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এন ডি এৰ চৰকাৰে ২০১৯ চনত ড০ভূপেন হাজৰিকাক ভাৰতৰত্ন দি প্ৰতিভাৰ সন্মান দিছে। এন ডি এ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সদায় ভাৰতৰ সংস্কৃতি, পৰম্পৰাক আগবঢ়াই নিয়াৰ কাম কৰি আছে। সুশাসনৰ লক্ষ্য পুৰণ কৰি দেশৰ জনতাক সুৰক্ষা প্ৰদান কৰাৰ লগতে কোনো ভেদভাৱ নোহোৱাকৈ চলোৱা দেশ শাসনৰ লাভ সকলো গৰীৱ , কৃষক, যুৱক আৰু মহিলা সকলে লাভ কৰিছে বুলিও উল্লেখ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ কয় যে,এন ডি এ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিচতে আজি উত্তৰ পূৰ্ব্বাঞ্চলৰ দ্রুত বিকাশ হৈছে। পথ, ৰেল, উৰাজাহাজ, জল পৰিবহণ যোগাযোগ ব্যৱস্থাৰ দ্রুত উন্নয়ন হৈছে। আজি অসমত ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, এইমছ, এন আই টি, আই আইটি, আই এম, এই সকলোবোৰ নিৰ্মাণ হৈছে।
