নৱ কুমাৰ দলে:ঢকুৱাখনাত উন্নয়ণৰ নতুন লক্ষ্য
- কস্তুৰী চুতীয়াৰ ভাষণত উন্নয়নৰ ওপৰত গুৰুত্ব
- নৱ কুমাৰ দলেৰ বিজয় নিশ্চিত বুলি দাবী
- পকী পথ, আন্তঃগাঁঠনি আৰু নাৰী সৱলীকৰণৰ প্ৰতিশ্ৰুতি
- বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিত সভা সফল
সমগ্ৰ সমাচাৰ সেৱা
ঢকুৱাখানা ৪ এপ্ৰিল:ঢকুৱাখনাত মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ সমৰ্থনত বিশাল সভা
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে আজি ভাৰতৰ উন্নত ৰাজ্যত পৰিণত হৈছে। অসমৰ উন্নয়ন বিচৰা মানুহৰ লগত বিজেপি আছে ।বিজেপিয়ে সৰ্বসাধাৰণ লোকৰ আৰ্থিক সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে কাম কৰি আহিছে, কৰি আছে, কৰিব। ৰাজ্যৰ বিকাশৰ ধাৰা অব্যাহত ৰখাৰ বাবে ঢকুৱাখনা সমষ্টিৰ সামগ্রিক বিকাশৰ স্বাৰ্থত মিত্রজোটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাই হ’ব ভোটাৰ ৰাইজৰ দায়িত্ব।’- এই মন্তব্য কেন্দ্ৰীয় সমিতিৰ মুখপাত্র কস্তুৰী চুতীয়াৰ (অসম গণ পৰিষদ) যোৱা ৩ এপ্ৰিলত ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্রার্থী নৱ কুমাৰ দলেৰ সমৰ্থনত সমষ্টিটোৰ হাহি পঞ্চায়তৰ সাপতীয়া আঞ্চলিক ৰাজহুৱা ভৱনত অনুষ্ঠিত হোৱা সভাখনত ভাষণ প্রদান কৰি অগপৰ মুখপাত্ৰগৰাকীয়ে মিত্রজোটৰ প্রার্থী নৱ কুমাৰ দলেৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে। লগতে তেওঁ কয়-ঢকুৱাখনাই নৱ কুমাৰ দলেৰ নেতৃত্বত পকী বাট-পথ, আন্তঃগাঁঠনি উন্নয়ণ, নাৰী সৱলীকৰণ, সাংস্কৃতিক বিকাশ, ঐতিহ্য সংৰক্ষণ, যুৱ প্ৰজন্মৰ উত্তৰণ আৰু সাৰ্বাংগীণ উন্নয়ণৰ নৱ দিগন্ত উন্মোচনৰ লক্ষ্য।
উন্নয়ন অব্যাহত ৰখাৰ আহ্বান
নৱ কুমাৰ দলেৰ নেতৃত্বত ঢকুৱাখনাই নতুন পৰিচয়কৃতি লাভ কৰিছে বুলি উল্লেখ কৰি লগতে কয় যে নৱ কুমাৰ দলেৰ বিজয় নিশ্চিত। বিজেপি এজিপিৰ শক্তি মিত্রজোটক কোনো মহাশক্তিয়ে ৰোধিব নোৱাৰে। ঢকুৱাখনা বিজেপি মণ্ডলৰ সাধাৰণ সম্পাদক শিৱচৰণ কোচে আঁতধৰা নির্বাচনী সভাখনত বিজেপিৰ মিত্রজোটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেই বিগত ১৫ বছৰীয়া উন্নয়নৰ খতিয়ান দাঙি ধৰি ঢকুৱাখনা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোটদান কৰিবলৈ ৰাইজক অনুৰোধ কৰে। প্রায় দুই সহস্রাধিক ৰাইজ উপস্থিত থকা সভাখনত লখিমপুৰ জিলা পৰিষদৰ সভানেত্রী ছোনিয়া বৰগোহাঁই, হাৰ্হি-মাতমৰা জিলা পৰিষদৰ সদস্য প্রণৱ পেগু, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সদস্য মহেশ দলে, সাধাৰণ পৰিষদৰ সদস্য প্রাঞ্জল দিহিঙ্গীয়া, ঢকুৱাখনা জিলা সমিতিৰ সভাপতি দুলাল দত্ত, সম্পাদক সমুজ্জ্বল চেতিয়া আৰু গনশক্তি কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিৰণ্য দত্ত উপস্থিত থাকে।
