চামগুৰিত নিৰ্বাচনী হিংসা উত্তপ্ত পৰিস্থিতি
- চামগুৰিত নিৰ্বাচনী হিংসাৰ ফলত উত্তপ্ত পৰিস্থিতি
- বিজেপিৰ অভিযোগত কংগ্ৰেছ কৰ্মীৰ ওপৰত অগ্নি সংযোগ নিৰ্বাচনী কাৰ্যালয়ত ,
- বেনাৰ আৰু প্ৰতীক ধ্বংস কৰা হয়
- পূৰ্বতে আক্ৰমণত ৪ জন লোক আহত হোৱা ঘটনা
- আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে
সমগ্ৰ সমাচাৰ সেৱা
ৰপহীহাট,৫ এপ্ৰিল:
কাৰ্যালয় জ্বলাই দিয়াৰ অভিযোগে উত্তপ্ত ৰাজনৈতিক পৰিৱেশ
ৰাজ্যত নিৰ্বাচনী বতাহ । প্ৰতিনিধিসকলৰ ইখনৰ পিছত সিখন নিৰ্বাচনী সভা তাৰ মাজতে চামগুৰিত নিৰ্বাচনী হিংসা। চামগুৰি এতিয়া উত্তপ্ত। বিজেপিৰ অভিযোগ অনুসৰি, ২এপ্ৰিলৰ নিশা পোনাইস্থিত নিৰ্বাচনী কাৰ্যালয় কংগ্ৰেছ কৰ্মীয়ে অগ্নি সংযোগ কৰি জ্বলাই দিয়ে।
চামগুৰিত নিশা অগ্নিসংযোগৰ ঘটনাই তীব্ৰ উত্তেজনা
নিশাৰ সোযোগ লৈ নিৰ্বাচনী বেনাৰ পোষ্টাৰৰ পৰা আৰম্ভ কৰি দলীয় প্ৰতীক কাপোৰ ছিংঙি ভাঙি অগ্ন সংযোগ কৰে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছৰ একাংশ কৰ্মীৰ আক্ৰমণৰ ফলত ৪ জন লোক আহত হৈছিল।
আৰক্ষীৰ তদন্ত আৰম্ভ
এই ঘটনা মাৰ নৌযাওঁতে পুনৰ অগ্নি সংযোগৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ উত্থানত বিৰোধী কংগ্ৰেছৰ দলীয় কৰ্মীসকল শংকিত হৈ এনেধৰণৰ কাৰ্য সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
