Global Assam News

Global and Local Assam News Website

অসমৰ ৰাইজে পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ

বিনামূলীয়া চিলিণ্ডাৰ, অসম চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা, বিহু উপহাৰ, দুর্গাপূজা সুবিধা, গেছ চিলিণ্ডাৰ, অসম নিৰ্বাচন
  • বিহু আৰু দুর্গাপূজাত দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ
  • প্ৰতিটো পৰিয়াল এই সুবিধাৰ অন্তৰ্ভুক্ত
  • চিলিণ্ডাৰৰ বাবে ৰাইজে ধন দিব নালাগে
  • সম্পূৰ্ণ ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে
  • নির্বাচনী সভাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী , ৫ এপ্রিল: বিহু আৰু দুর্গাপূজাত ৰাইজলৈ চৰকাৰৰ বিশেষ উপহাৰ

বিহু আৰু দুর্গাপূজাৰ উপলক্ষে প্ৰতিটো পৰিয়ালক বছৰত দুটা বিনামূলীয়া চিলিণ্ডাৰ প্ৰদান কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাজ্যত চিলিণ্ডাৰৰ অভাৱৰ মাজতে ৰাইজৰ বাবে সু-খবৰ। নিৰ্বাচনী সভাত মূখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। নির্বাচনক লৈ ৰাজ্যত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ ঢৌ বৈছে। যোৱা ৪ এপ্ৰিলৰ নির্বাচনী প্ৰচাৰ চলাবলৈ মাহমৰাত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। এই প্ৰচাৰ সভাৰ মাজতে মুখ্যমন্ত্রী শর্মাই অসমবাসীলৈ আগবঢ়া এক বিশেষ উপহাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ আছে।

বছৰত দুবাৰ বিনামূলীয়া গেছ চিলিণ্ডাৰ লাভ কৰিব প্ৰতিটো পৰিয়ালে

এতিয়াৰে পৰা বিহুৰ সময়ত এটা আৰু দুর্গাপূজাৰ সময়ত এটাকৈ প্ৰতিঘৰ লোকেই দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব। অৱশ্যে এই দুটা চিলিণ্ডাৰৰ বাবে ৰাইজে কোনো ধন ব্যয় কৰিব নালাগে বুলি স্পষ্ট কৰি দিয়ে তেওঁ। এই ব্যয় সম্পূৰ্ণ চৰকাৰে বহন কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *