শোণিপুৰত বিধানসভা নিৰ্বাচনৰ ব্যাপক প্রস্তুতি
- ১,২৩১টা ভোটকেন্দ্ৰত ভোটদান ব্যৱস্থা সম্পন্ন
- ৩০৯টা মহিলা ভোটকেন্দ্ৰ স্থাপন
- ২৫টা কেন্দ্ৰীয় বাহিনী মোতায়েন
- ই-ৰিক্সাৰ ব্যৱহাৰে নতুন সংযোজন
সমগ্ৰ সমাচাৰ সেৱা
শোণিতপুৰ,৮ এপ্ৰিল:দৰং কলেজৰ পৰা ইভিএম বিতৰণ আৰম্ভ ,অসম বিধানসভা নির্বাচনৰ প্রস্তুতিক লৈ আজি পুৱাৰে পৰা দৰং জিলাত ব্যাপক তৎপৰতা । পুৱা ৭ বজাৰ পৰা দৰং কলেজৰ পৰা ই ভি এমসহ ভোটগ্রহণ সামগ্রী বিতৰণ আৰম্ভ কৰা হৈছে আৰু ভোটগ্রহণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সম্পন্ন কৰা হৈছে।
৯ লাখতকৈ অধিক ভোটাৰ ভোটদানৰ বাবে সাজু
জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ১,২৩১টা ভোটগ্রহণ কেন্দ্রত ভোটদান কৰিব ৯,৬২,৪৫৮ গৰাকী ভোটাৰে। ইয়াৰে ৩০৯ টা মহিলা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। লগতে ৫টা আদর্শ ভোটগ্রহণ কেন্দ্র, ১৪১টা স্পর্শকাতৰ (সংবেদনশীল) ভোটকেন্দ্ৰ আৰু ৩৩টা নেটৱৰ্ক সমস্যাজনিত ভোটকেন্দ্ৰ চিনাক্ত কৰা হৈছে।
ভোটগ্রহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে মুঠ ৫.৩০৮ জন বিষয়া-কর্মচাৰী নিয়োগ কৰা হৈছে। ভোটগ্রহণ কার্য সম্পাদনৰ বাবে ১,১২৭খন সৰু-বৰ বাহনৰ লগতে পোনপ্ৰথমবাৰৰ বাবে ৩১৪খন ই-ৰিক্সা ব্যৱহাৰ কৰা হৈছে।
নিৰাপত্তা ব্যৱস্থাত আৰক্ষী-প্ৰশাসন সম্পূর্ণ সতৰ্ক
ইফালে নির্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে ২৫টা কেন্দ্রীয় অসামৰিক বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষী আৰু প্রশাসন সম্পূর্ণ সতর্ক হৈ থাকি সকলো ভোটকেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কঢ়িয়াই লৈছে।
