ডিমা হাসাওৰ দুৰ্গম গাঁৱৰ আঠজন ছাত্ৰ-ছাত্ৰীৰ ঐতিহাসিক সফলতা
- ডিমা হাসাও জিলাৰ মুৱালদাম গাঁৱৰ ৮ জন ছাত্ৰ-ছাত্ৰীৰ ১০০% সফলতা
- পৰীক্ষা কেন্দ্ৰলৈ গৈছিল প্ৰায় ১৫ কিমি পথ হেঁটাৰ যাত্ৰা কৰি
- সকলোৰে প্ৰথম বিভাগ লাভ
- ৩ জনে লাভ কৰিছে লেটাৰ মাৰ্ক
সমগ্ৰ সামাচাৰ সেৱা
ডিমা হাছাও, ১১ এপ্ৰিল: দুৰ্গম পথ, যোগাযোগ ব্যৱস্থাৰ অভাৱ আৰু পাহাৰ-জংঘল পাৰ কৰাৰ দৰে কঠিন পৰিস্থিতিৰ মাজতো ডিমা হাসাও জিলাৰ মুৱালদাম গাঁৱৰ আঠজন ছাত্ৰ-ছাত্ৰীয়ে ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা অৰ্জন কৰি নিজৰ বিদ্যালয় আৰু গাঁৱৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।
এই ছাত্ৰ-ছাত্ৰী কেইগৰাকী হৈছে — দিনপুইয়া দাৰনেই,ইলেইবে পামে, গ্ৰেচিলা ঙামলাই, কেলভিন থিয়াইটে, কালছিডন নামপুই, মাৰ্চি নামপুই,মালছমডঙি ঙামলাই আৰু উইলিয়াম। তেওঁলোক সকলো হাইতে মেমোৰিয়েল ফ্ৰেণ্ডশ্বিপ স্কুলৰ প্ৰথমবাৰৰ বাবে গঠন হোৱা দশম শ্ৰেণীৰ প্ৰথমটো বৰ্ষৰ ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ অধ্যক্ষ উইলিয়াম ঙামলাইযে জনোৱা অনুসৰি, ফলাফল ঘোষণা হোৱাৰ আগতে সকলো অত্যন্ত চিন্তিত আছিল যদিও ফলাফল ঘোষণা হোৱাৰ পিছত সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰথম বিভাগ লাভে বিদ্যালয়খনত আনন্দৰ পৰিৱেশ সৃষ্টি কৰে। 
উল্লেখযোগ্য যে, এই আঠজনৰ মাজৰ ৩ জনে লেটাৰ মাৰ্ক লাভ কৰিছে—
দিনপুইয়া দাৰনেই— বিজ্ঞানত লেটাৰ মাৰ্ক
ইলেইবে পামে— ইংৰাজী আৰু বিজ্ঞানত লেটাৰ মাৰ্ক
গ্ৰেচিলা ঙামলাই— ইংৰাজীত লেটাৰ মাৰ্ক
বাকী ছাত্ৰ-ছাত্ৰী কেইগৰাকীও উৎকৃষ্ট ফলাফল দেখুৱাই বিদ্যালয়খনৰ বাবে এক উল্লেখযোগ্য মাইলষ্টোন স্থাপন কৰিছে।
গাঁওখনৰ পৰা হাৰাংগাজাও স্থিত পৰীক্ষা কেন্দ্ৰলৈ কোনো মটৰগাড়ী চলাৰ পথ নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীবোৰে প্ৰায় ১৫ কিলোমিটাৰ পাহাৰ, জংঘল পথ আৰু সৰু ট্ৰেইল পাৰ হৈ ৫–৬ ঘণ্টাৰ দীঘলীয়া যাত্ৰা কৰি পৰীক্ষা দিবলৈ গৈছিল। পৰীক্ষাৰ সময়ছোৱাত তেওঁলোকে কেন্দ্ৰৰ ওচৰত ভাড়াত থকাৰ ব্যৱস্থা কৰি পৰীক্ষাত মনোনিবেশ কৰিছিল।
এই সফলতাই দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ দৃঢ় সংকল্প আৰু অধ্যৱসায়ৰ এক উজ্জ্বল উদাহৰণ হিচাপে ৰাজ্যজুৰি প্ৰশংসা লাভ কৰিছে।
