অসমৰ সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি, পৰলোকপ্ৰাপ্তি চিত্ৰৰঞ্জন পৰাশৰৰ
- চিত্রনাট্যকাৰ-পৰিচালক চিত্ৰৰঞ্জন পৰাশৰৰ দেহাৱসান
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ
- অসমৰ বহু সফল টিভি ধাৰাবাহিকৰ সৈতে জড়িত আছিল
- সাংস্কৃতিক পৰিয়ালৰ সৈতে গভীৰ সম্পৰ্ক
- ৰাজ্যজুৰি শোকৰ পৰিৱেশ
সমগ্ৰ সমাচাৰ সেৱা
যোৰহাট, ১০ এপ্ৰিল:অসমৰ সাংস্কৃতিক জগতৰ বাবে এক গভীৰ শোকৰ খবৰ। জনপ্রিয় চিত্রনাট্যকাৰ আৰু কেইবাখনো সফল টেলিভিছন চিৰিয়েলৰ পৰিচালক চিত্ৰৰঞ্জন পৰাশৰৰ যোৱা কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে।
চিত্ৰৰঞ্জন পৰাশৰ অসমৰ সাংস্কৃতিক পৰিৱেশত এক পৰিচিত নাম আছিল। তেওঁ বহু জনপ্রিয় ধাৰাবাহিকৰ জৰিয়তে দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। চিত্রনাট্য ৰচনা আৰু পৰিচালনাৰ ক্ষেত্ৰত তেওঁৰ বিশেষ দক্ষতা আছিল। তেওঁ আছিল অভিনেত্রী প্রস্তুতি পৰাণৰৰ সম্পর্কীয় ভাতৃ। লগতে বিশিষ্ট তবলা বাদক ৰাজা বৰুৱাৰ সহধর্মিনী মৌচুমী পৰাশ ৰৰ ককায়েক আৰু ৰজত কমল বঁটাপ্রাপ্ত শিল্পী সঞ্জীৱ পৰাশৰৰ ভাতৃ হিচাপেও তেওঁ সুপৰিচিত আছিল। সাংস্কৃতিক পৰিয়াল এটাৰ সদস্য হিচাপে তেওঁ শৈশৱৰে পৰা শিল্প-সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত আছিল।
যোৰহাট জিলাৰ বালিগাঁও দিচৈকাষৰ নিবাসী চিত্ৰৰঞ্জন পৰাশৰ মামু নামেৰে সকলোৰে মাজত জনপ্রিয় আছিল। তেওঁ School of Drama, Assam-ৰ ২০০২ চনৰ Best Student হিচাপে সন্মানিত হৈছিল, যি তেওঁৰ প্ৰতিভাৰ এক উজ্জ্বল স্বীকৃতি। তেওঁৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত পৰিছে শোকৰ ছাঁ।
