মেট্ৰিকৰ ফলাফলত শীৰ্ষত পাটাছাৰকুছিৰ জ্যোতির্ময়
সমগ্ৰ সমাচাৰ সেৱা
পাটাছাৰকুছি, ১০ এপ্ৰিল:
৯৮.৫% নম্বৰেৰে ৰাজ্য শীৰ্ষত জ্যোতির্ময়
আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পাটাছাৰকুছি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্র জ্যোতির্ময় দাসে ৯৮.৫ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
তেওঁ অসমীয়াত ১০০, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৮, উচ্চ গণিতত ১০০ নম্বৰ সহ মুঠ ৫৯১ নম্বৰ লাভকৰিছে।
তেওঁ পাটাছাৰকুছি মর্কা নিবাসী সতীশ চন্দ্র দাস আৰু ববিতা দাসৰ পুত্র। তেওঁৰ এই সাফল্যত শিক্ষানুষ্ঠানখনৰ আচাৰ্য আচাৰ্যা, ছাত্রছাত্ৰীৰ লগতে স্থানীয় ৰাইজে আনন্দ প্রকাশ কৰিছে। এই শুভ বাৰ্তাই পিতৃ -মাতৃকে ধৰি বিদ্যালয় পাটাৰকুছি অঞ্চলত সুখৰ বন্যা নমাই আনিছে। অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা খবৰে সমগ্ৰ অঞ্চল জুৰি আনন্দৰ ঢৌ ভাহিছে।
