April 22, 2026

Global Assam News

Global and Local Assam News Website

লেটাৰনম্বৰসহ ডিষ্টিংচন লাভেৰে উজ্বলিল দৰঙৰ কনকনা ডেকা

লেটাৰনম্বৰসহ ডিষ্টিংচন লাভেৰে উজ্বলিল দৰঙৰ কনকনা ডেকা
  • HSLC পৰীক্ষাত ৯৪.৫% নম্বৰ লাভ কনকনা ডেকাৰ
  • গণিত বিষয়ত সম্পূৰ্ণ ১০০ নম্বৰ প্ৰাপ্তি
  • সকলো বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন দৰিদ্ৰতাৰ মাজতো অধ্যয়ন আৰু সফলতা
  • ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্য প্ৰকাশ

লেটাৰনম্বৰসহ ডিষ্টিংচন লাভেৰে উজ্বলিল পশ্চিম দৰঙৰ কনকনা ডেকা

সমগ্ৰ সমাচাৰ সেৱা

দৰং, ১১ এপ্ৰিল:

দৰিদ্ৰতাৰ মাজতো অধ্যয়নৰে সফলতা কনকনা ডেকাৰ

লেটাৰনম্বৰসহ ডিষ্টিংচন লাভেৰে উজ্বলিল পশ্চিম দৰঙৰ কনকনা ডেকা। দৰঙৰ অগ্ৰণী চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান নগাঁও আঞ্চলিক হাইস্কুলৰ ছাত্রী কনকনা ডেকাই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিষয়ত ১০০ নম্বৰ প্ৰাপ্তিৰ উপৰিও আটাইকেইটা বিষয়ত লেটাৰনম্বৰসহ ডিষ্টিংচন পাবলৈ সক্ষম হৈছে। দৰিদ্ৰতাৰ মাজতো কঠোৰ অধ্যয়ণ, নিজৰ আত্মবিশ্বাস আৰু লক্ষ্যৰ বাবে ৯৪.৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ল কনকনা। দৰঙৰ নগাঁও নিবাসী পিতৃ নগেন ডেকা আৰু মাতৃ গীতিমা ডেকাৰ কন্যা কনকনা ডেকাৰ ফলাফলত উৎফুল্লিত হৈ পৰে সমগ্ৰ অঞ্চলৰ লগতে গাঁওবাসী।  ফলাফলত আনন্দিত হৈ পৰে বিদালয়ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্র ছাত্রী আৰু ভালেসংখ্যক গুণমুগ্ধ। কনকনা ডেকাক শুভেচ্ছা জনোৱাৰ উদেশ্যে নিজবাসগৃহত উপস্থিত অগনন গুনমুগ্ধ।

ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্যৰে আগবাঢ়িছে

দৰিদ্ৰ পৰিয়ালৰ কনকনা ডেকা প্ৰখৰ মেধাসম্পন্ন, সুবক্তাৰ প্ৰতিভাশালী কনকনাই ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ মন বুলি সংবাদমাধ্যমৰ আগত সদৰি কৰে। 

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *