শ্ৰীভূমিত পুনৰ ভোটগ্ৰহণৰ নির্দেশ, নির্বাচন আয়োগৰ কঠোৰ পদক্ষেপ
- ১২৩ নং সমষ্টিত পুনৰ ভোটগ্ৰহণ
- ২৩৯ নং বেবিলন হাই ইংলিছ স্কুলত অনুষ্ঠিত হ’ব ভোট
- নির্বাচন আয়োগে পূর্বৰ ভোটগ্ৰহণ বাতিল ঘোষণা
- ১১ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোট
- নিকা আৰু নিৰপেক্ষ নির্বাচন নিশ্চিত কৰিবলৈ ব্যৱস্থা সম্পূৰ্ণ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১১ এপ্ৰিল:
অনিয়মৰ অভিযোগৰ পিছত নির্বাচন আয়োগৰ তাৎক্ষণিক পদক্ষেপ
অসমত চলি থকা বিধানসভা নির্বাচন সময়ত সংঘটিত অনিয়মৰ অভিযোগৰ ভিত্তিত ভাৰতীয় নির্বাচন আয়োগে ৰাজ্যখনত পুনৰ ভোটগ্রহণৰ নির্দেশ । শুকুৰবাৰে জাৰি কৰা এক চৰকাৰী জননী অনুসৰি, ১২৩ নম্বৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তর্গত ২৩৯ নম্বৰ বেবিলন হাই ইংলিছ স্কুল ভোটগ্রহণ কেন্দ্রত এই পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। যোৱা ৯ এপ্রিলত অনুষ্ঠিত যোৱা ভোটগ্রহণৰ প্রতিবেদন আৰু সামগ্রিক পৰিস্থিতি পর্যালোচনা কৰাৰ পিছতে আয়োগৰ এই সিদ্ধান্ত ।
জনপ্রতিনিধিত্ব আইন, ১৯৫১-২ ৫৮ নম্বৰ ধাৰা প্রয়োগ কৰি নির্বাচন আয়োগে উক্ত কেন্দ্রটোত পূর্বে হোৱা ভোটগ্রহণ বাতিল ঘোষণা কৰিছে।
নির্দেশনা অনুসৰি, অহা ১১ এপ্রিল (শনিবাৰ) ৰাতিপুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব।
ভোটাৰসকলক গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান
এই সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি শ্রীভূমিৰ জিলা আযুক্ত প্রদীপ কুমাৰ দ্বিবেদীয়ে জানিবলৈ দিয়ে যে নিকা আৰু নিৰপেক্ষ ভোটগ্রহণ নিশ্চিত কৰিবলৈ ইতিমধ্যে সকলো প্রয়োজনীয় ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ লগতে তেওঁ সংশ্লিষ্ট কেন্দ্ৰটোৰ ভোটাৰসকলক বৃহৎ সংখ্যাত ওলাই আহি নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
নির্বাচনী প্রক্রিয়াত স্বচ্ছতা আৰু নিকা ভাৱমূর্তি বজাই ৰখাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ এই পদক্ষেপ অত্যন্ত গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে।
