April 22, 2026

Global Assam News

Global and Local Assam News Website

বিশেষ সংশোধন অভিযানত ৭.৮৫ কোটি অবৈধ ভোটাৰৰ নাম বাদ

দেশজুৰি বিশেষ সংশোধন অভিযানত ৭.৮৫ কোটি অবৈধ ভোটাৰৰ নাম বাদ
  • ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিশেষ তীব্ৰ সংশোধন অভিযান
  • অসমত পৃথক “বিশেষ সংশোধনী” প্ৰক্ৰিয়া ৰূপায়ণ
  • মুঠ ৭.৮৫ কোটি অবৈধ বা পুনৰাবৃত্ত ভোটাৰৰ নাম বাদ
  • নিৰ্বাচনী ব্যৱস্থাত স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বৃদ্ধিৰ লক্ষ্য

সমগ্ৰ সামাচাৰ সেৱা

অসম, ১১ এপ্ৰিল: দেশৰ নিৰ্বাচনী ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ভাৰতৰ নিৰ্বাচন আয়োগে দেশজুৰি ১৪খন ৰাজ্য আৰু কেইবাটাও কেন্দ্ৰীয় শাসিত অঞ্চলত “বিশেষ নিবিড় সংশোধনী(SIR)” অভিযান চলাইছে। এই অভিযানৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা প্ৰায় ৭.৮৫ কোটি অবৈধ, পুনৰাবৃত্ত বা অযোগ্য ভোটাৰৰ নাম বাদ দিয়া হৈছে বুলি জানিব পৰা গৈছে।

এই বৃহৎ সংশোধন প্ৰক্ৰিয়াৰ উদ্দেশ্য হৈছে ভোটাৰ তালিকাৰ শুদ্ধতা বৃদ্ধি কৰা আৰু নিৰ্বাচনী ব্যৱস্থাক অধিক স্বচ্ছ আৰু বিশ্বাসযোগ্য কৰি তোলা। আধুনিক প্ৰযুক্তি ব্যৱহাৰ, স্থানীয় পৰ্যায়ৰ পৰীক্ষা আৰু তথ্যসমূহৰ পুনঃযাচাইৰ জৰিয়তে এই অভিযান সফলভাৱে সম্পন্ন কৰা হৈছে।

উল্লেখযোগ্য যে, অসমৰ ক্ষেত্ৰত “বিশেষ নিবিড় সংশোধনী(SIR)”ৰ পৰিৱৰ্তে পৃথকভাৱে “বিশেষ সংশোধনীপ্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যখনতো ভোটাৰ তালিকা অধিক শুদ্ধ আৰু সঠিক কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে।

বিশেষজ্ঞসকলৰ মতে, এই ধৰণৰ বৃহৎ পৰিসৰৰ সংশোধন অভিযান আগন্তুক নিৰ্বাচনসমূহ অধিক স্বচ্ছ, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব। লগতে, অবৈধ নাম বাদ দিয়াৰ ফলত প্ৰকৃত ভোটাৰসকলৰ অধিকাৰ সুৰক্ষিত হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।

এই পদক্ষেপে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *