April 22, 2026

Global Assam News

Global and Local Assam News Website

তিতাবৰ : ছাত্ৰৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদ অব্যাহত

তিতাবৰ : ছাত্ৰৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদ অব্যাহত
    • তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ত ছাত্ৰৰ মৃত্যুক লৈ উত্তেজনা
    • মণিমাধৱ দলেৰ মৃত্যুত চিকিৎসা অৱহেলাৰ অভিযোগ
    • ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ আৰু ন্যায়ৰ দাবী
    • বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ
    • সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনালে অভিভাৱক আৰু প্ৰশাসনক

    সমগ্ৰ সমাচাৰ সেৱা

    তিতাবৰ, ১১এপ্ৰিল: চিকিৎসা অৱহেলাৰ অভিযোগে উত্তপ্ত বিদ্যালয় চৌহদ ,তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰৰ মৃত্যুক পৈ উত্তেজনা অব্যাহত আছে। মাজুলী জেংকাইমুখৰ পার্থপ্রতীম দলেৰ একমাত্র পুত্র তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ মেধাৱী ছাত্র মণিমাধৱ দলেৰ মৃত্যুক দৈ শিক্ষানুষ্ঠানখনৰ ভিতৰত উত্তেজনাময় পৰিৱেশ অব্যাহত আছে।

    উপযুক্ত সময়ত বিদ্যালয় কর্তৃপক্ষই ছাত্ৰজনৰ চিকিৎসা ব্যৱস্থা নকৰাৰ ফলতেই কৰুণ আৰু দুর্ভাগ্যজনক ঘটনাটেন সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে উত্তপ্ত হৈ পৰিছে শিক্ষানুষ্ঠানখনৰ চৌহদ। শিক্ষানুষ্ঠানখনও অধ্যয়নৰত শিক্ষার্থীসকলে শ্ৰেণীকোঠাৰ বাহিৰলৈ আহি কর্তৃপক্ষৰ বিৰুদ্ধে প্রতিবাদ কৰি ছাত্ৰজনৰ ন্যায়ৰ দাবী জনায়।

    ছাত্ৰজনৰ মৃত্যুৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত শিক্ষানুষ্ঠানখনৰ ভিতৰচ’ৰাত অসমবিদ্বেষী লবীৰ এটা চক্রান্তও উন্মোচিত হৈছে। অভিযোগ অনুসৰি বিহুৰ ছুটীত ঘৰলৈ যোৱাৰ পাছত ছাত্র-ছাত্রী আৰু অভিভাৱকে এফিডেফিট জমা দিলেছে শিক্ষানুষ্ঠানখনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে।

    যাৰ পৰিণতিত বিগত জানুৱাৰী মাহৰ পৰাই অসুখত ভূগি থকা ছাত্ৰজনৰ পিতৃয়ে নিজৰ পুত্রক চিকিৎসা কৰিবলৈ নিবলৈ বিচাৰিছিল যদিও বিদ্যালয় কর্তৃপক্ষই নিবলৈ নিদিলে। কিন্তু যেতিয়া ছাত্ৰজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে তেতিয়াই বিদ্যালয়ৰ কর্তৃপক্ষই অভিভাৱকক মাতি আনি ঘৰলৈ নিবলৈ দিয়ে আৰু পৰিয়ালক ছাত্রজনক চিকিৎসাৰ বাবে নিবলৈ দিয়ে। কিন্তু ছাত্রজনক চিকিৎসা কৰে যদিও হঠাৎ ছাত্ৰজনৰ মৃত্যু হয়।

    ছাত্ৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি তিতাবৰস্থিত  যোৰহাট জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্র- ছাত্রীয়ে তীব্র প্রতিবাদ অব্যাহত ৰাখিছে।সমান্তৰালভাৱে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ দায়িত্বত থকা তিতাবৰ সমজিলা প্রশাসনক সমগ্র বিষয়টো তদন্তৰ দাবী জনাইছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *