April 22, 2026

Global Assam News

Global and Local Assam News Website

AIR : আকাশবাণী গুৱাহাটীৰ কণ্ঠশিল্পী জুৰি দেৱীৰ দেহাৱসান

সমগ্ৰ সামাচাৰ সেৱা
গুৱাহাটী, ১১ এপ্ৰিল: ‘আকাশবাণী গুৱাহাটী’ৰ স্বীকৃত কণ্ঠশিল্পী, নাট বিভাগৰ দক্ষ শিল্পী আৰু অভিজ্ঞ ঘোষিকা জুৰি দেৱীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ খবৰে আকাশবাণীৰ সহকৰ্মীসকলৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পেলাইছে।

দীৰ্ঘদিন ধৰি ‘আকাশবাণী গুৱাহাটী’ৰ সৈতে জড়িত হৈ থকা জুৰি দেৱীয়ে নিজৰ মধুৰ কণ্ঠ আৰু আন্তৰিক উপস্থাপনা দক্ষতাৰ জৰিয়তে অসংখ্য শ্ৰোতাৰ হৃদয় জয় কৰিছিল। বিশেষকৈ নাট বিভাগত তেওঁৰ অভিনয় আৰু ঘোষিকা হিচাপে অনুষ্ঠান পৰিচালনাই তেওঁক এক সন্মানীয় স্থান প্ৰদান কৰিছিল।
তেওঁৰ কণ্ঠত প্ৰচাৰিত বহু অনুষ্ঠান আৰু নাটকে শ্ৰোতাসকলৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। সহকৰ্মীসকলৰ সৈতে তেওঁৰ সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ আৰু কৰ্মনিষ্ঠাৰ বাবেও তেওঁ সদায় স্মৰণীয় হৈ থাকিব বুলি সকলোৱে মন্তব্য কৰে।

জুৰি দেৱীৰ মৃত্যুত আকাশবাণী পৰিয়াল, সাংস্কৃতিক মহল গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে। তেওঁৰ এই অপূৰণীয় ক্ষতিয়ে অসমৰ আকাশবাণী আৰু নাট-সংস্কৃতি জগতত এক শূন্যতাৰ সৃষ্টি কৰিলে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *