April 21, 2026

Global Assam News

Global and Local Assam News Website

জাতীয় অনুসূচীত জনজাতি আয়োগৰ তদন্তত ডাঙৰ প্ৰকাশ

জাতীয় অনুসূচীত জনজাতি আয়োগৰ তদন্তত ডাঙৰ প্ৰকাশ
  • “কুম্ভ গাৰ্ল” বুলি পৰিচিত পাৰধী জনজাতিৰ কন্যা নাবালিকা বুলি নিশ্চিতকৰণ
  • ভুল জন্ম প্ৰমাণপত্ৰৰ জৰিয়তে বিবাহ সংঘটিত হোৱা অভিযোগ
  • CPI-M নেতা আৰু PFI-ৰ সংশ্লিষ্টতা সন্দেহৰ আওতাত
  • অভিযুক্ত ফাৰমানৰ বিৰুদ্ধে POCSO, SC/ST Act আৰু BNS-ত FIR
  • ২২ এপ্ৰিলত কেৰেল আৰু মধ্যপ্ৰদেশৰ DGP-ক তলব কৰিলে আয়োগে

সমগ্ৰ সমাচাৰ সেৱা

মধ্যপ্ৰদেশ, ১১ এপ্ৰিল: “কুম্ভ গাৰ্ল” কাণ্ডত জাতীয় অনুসূচীত জনজাতি আয়োগ (NCST)-ৰ তদন্তত এক চাঞ্চল্যকৰ মোড় আহিছে। আয়োগৰ সভাপতি অন্তৰ সিং আৰ্যৰ নেতৃত্বত চলোৱা তদন্তত প্ৰকাশ পাইছে যে যুৱতীগৰাকী প্ৰাপ্তবয়স্ক নহয়, বৰঞ্চ পাৰধী জনজাতিৰ নাবালিকা। আয়োগৰ পৰামৰ্শদাতা তথা পূৰ্বতন ন্যায়াধীশ প্ৰকাশ উঈকেৰ নিৰ্দেশনাত অধিবক্তা প্ৰথম দুবে এই বিষয়টো ১৭ মাৰ্চ ২০২৬ তাৰিখে আয়োগৰ সন্মুখত উত্থাপন কৰিছিল।

ভুল জন্ম প্ৰমাণপত্ৰৰ অভিযোগে উন্মোচন কৰিলে বাস্তৱ

তদন্তকাৰী দলৰ অনুসন্ধান অনুসৰি— মহেশ্বৰ চৰকাৰী চিকিৎসালয়ৰ ৰেকৰ্ডত যুৱতীগৰাকীৰ জন্ম তাৰিখ ৩০ ডিচেম্বৰ ২০০৯ বুলি উল্লেখ আছে। সেই অনুসাৰে ১১ মাৰ্চ ২০২৬ তাৰিখে সংঘটিত বিবাহৰ সময়ত তেওঁ বয়স আছিল মাত্ৰ ১৬ বছৰ ২ মাহ ১২ দিন। পূৰ্বে ব্যৱহৃত জন্ম প্ৰমাণপত্ৰত ভুল তথ্য দিয়াৰ অভিযোগো উত্থাপন হৈছে।

ৰাজনৈতিক আৰু সংগঠনিক সংশ্লিষ্টতাৰ অভিযোগে সৃষ্টি কৰিলে তীব্ৰ চাঞ্চল্য

অধিবক্তা প্ৰথম দুবে অভিযোগ উত্থাপন কৰিছে যে— এই বিবাহত কেৰেলৰ কিছুমান ৰাজনৈতিক ব্যক্তিত্ব আৰু কিছুমান সংগঠনৰ সংশ্লিষ্টতা থাকিব পাৰে। বিষয়টো এতিয়া অধিক গভীৰ তদন্তৰ আওতালৈ আহিছে। ইয়াৰ উপৰিও ঘটনাটোৰ সৈতে জড়িত সম্ভাৱ্য ফাণ্ডিং আৰু অন্যান্য দিশসমূহো আৰক্ষীয়ে পৰীক্ষা কৰিব লাগিব বুলি দাবী উঠিছে।

অভিযুক্ত ফাৰমানৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা

মধ্যপ্ৰদেশৰ মহেশ্বৰ থানাত অভিযুক্ত ফাৰমানৰ বিৰুদ্ধে— POCSO Act, SC/ST Act, BNS-ৰ বিভিন্ন ধাৰাত  ইতিমধ্যে FIR ৰুজু কৰা হৈছে। আয়োগৰ পৰামৰ্শৰ পিছতেই আৰক্ষী প্ৰশাসন সক্ৰিয় হোৱা বুলি জানিব পৰা গৈছে।

২২ এপ্ৰিলত DGP-ক তলব, কেন্দ্ৰলৈ প্ৰেৰণ হ’ব বিশদ প্ৰতিবেদন

এই ঘটনাৰ পিছত আয়োগে কেৰেল আৰু মধ্যপ্ৰদেশৰ DGP-ক ২২ এপ্ৰিল ২০২৬ তাৰিখে নতুন দিল্লীত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। আয়োগে স্পষ্টকৈ জনাইছে— পাৰধী জনজাতিৰ এই নাবালিকা কন্যাৰ সৈতে হোৱা ঘটনাৰ সম্পূৰ্ণ সত্য উদঘাটন নোহোৱা পৰ্যন্ত তদন্ত অব্যাহত থাকিব আৰু প্ৰতি ৩ দিনত প্ৰগতি প্ৰতিবেদন দাখিল কৰিব লাগিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *