April 21, 2026

Global Assam News

Global and Local Assam News Website

বৈভৱ সূর্যবংশী : ১৫ বছৰ, পুনৰবাৰ প্ৰমাণ কৰিলে বয়স মাথোঁ এটা সংখ্যা

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১১ এপ্ৰিল :১৫ বছৰীয়া বৈভৱ সূর্যবংশীয়ে ৭৮ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক সহজ জয় লাভ কৰাৰ দিশত আগুৱাই লৈ যায়
১৫ বছৰীয়া বৈভৱ সূর্যবংশীয়ে পুনৰবাৰ প্ৰমাণ কৰিলে যে বয়স মাথোঁ এটা সংখ্যা। ৰাজস্থান বয়েলছ (আৰ আৰ)ৰ এই যুৱ বেটছমেন গৰাকীয়ে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে দুর্দান্ত বেটিং প্রদর্শন আগবঢ়াই মাত্র ২৬টা বলত ৭৮ ৰান সংগ্ৰহ কৰে আৰু দলটোৱে দুটা অভাৰ বাকী থকা অৱস্থাতেই ২০১ ৰানৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হয়।

বলাৰৰ নাম নহয়, বলতহে মনোযোগ: বৈভৱৰ আত্মবিশ্বাসী মন্তব্য
মেচৰ পিছত নিজৰ সফলতাৰ আঁৰৰ ৰহস্য উদঙাই দি সূর্যবংশীয়ে স্পষ্টকৈ উল্লেখ কৰে যে- তেওঁ বলাৰৰ নামটোত প্রভাৱিত নহয়। তেওঁৰ মনোযোগ কেৱল বলৰ ওপৰতহে থাকে। তেওঁ কয় যে, মগজুত এইটো চলি থাকে যে সন্মুখত জশপ্রীত বুমৰাহ বা জোছ হেজলবুডৰ দৰে বলাৰ আছে, কিন্তু খেলি থাকোঁতে তেওঁ কেৱল বলৰ ওপৰত গুৰুত্ব দিয়ে।

শুকুৰবাৰৰ খেলখনত বৈভৱ সূর্যবংশীয়ে বিশেষকৈ হেজলবুডক লক্ষ্য কৰি একেৰাহে চাৰিটা বলত তিনিটা চাৰি আৰু এটা ছয় কোবাই মেচখনৰ গতি সলনি কৰি দিয়ে। তেওঁৰ এই ইনিংছে আৰচিবিৰ বলাৰসকলক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *