April 21, 2026

Global Assam News

Global and Local Assam News Website

চি আৰ পি এফৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত শৌর্য্য দিৱস পালন

চি আৰ পি এফৰ ১২৮ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত শৌর্য্য দিৱস পালন

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১১ এপ্ৰিল:
১৯৬৫ চনৰ বীৰত্বগাথা স্মৰণেৰে উদযাপন শৌৰ্য্য দিৱস কমাণ্ডেণ্ট যতীন্দ্ৰ নাথ ৰায়ৰ নেতৃত্বত ৯ এপ্রিল তাৰিখে ৬১ নং শৌর্য্য দিৱস উপলক্ষে শ্বহীদ হোৱা বীৰ চি আৰ পি এফ জোৱান সকলক ১২৮ নং বেটেলিয়নৰ মুখ্য কার্যালয়ত শ্রদ্ধাঞ্জলি জনোৱা হয়। এই উপলক্ষে ডেপুটি কমাণ্ডেন্ট শ্রী নবীন চতুর্বেদীয়ে কয় যে ১৯৬৫ চনৰ ৯ এপ্ৰিলৰ দিনটোতে পুরা ৩:৩০ বজাত পাকিস্তানী সেনাৰ আধুনিক অস্ত্ৰৰে সজ্জিত পদাতিক ব্রিগেডে চৰ্দাৰ আৰু টাক চকীত আক্রমণ চলায়।

চি আৰ পি এফ জোৱানসকলে এই যুদ্ধত অৱতীৰ্ণ হৈ সাহসেৰে এই আক্রমণক প্রতিহত কৰে। চি আৰ পি এফে ৩৪জন পাকিস্তানী জোৱানক হত্যা কৰাৰ লগতে চাৰিজনক জীৱিত অৱস্থাত বন্দী কৰে। এই কাৰ্যত চি আৰ পি এফৰ ছয় জন জোৱানে প্রাণ আহুতি দিয়ে। যিকোনো দেশৰ অর্ধসামৰিক বাহিনীৰ ইতিহাসত এইখনেই একমাত্র এনে যুদ্ধ য’ত দুটা অর্ধসামৰিক কোম্পানীয়ে পাকিস্তানী নিয়মীয়া সেনাৰ ব্রিগেডৰ আগবাঢ়ি যোৱাত বাধা দিছিল আৰু তাৰ পিছত হোৱা তীব্ৰ যুদ্ধত অপূৰণীয় ক্ষতিসাধন কৰিছিল।
এই চি আৰ পি এফৰ নায়কসকলৰ স্মৃতি জীয়াই ৰাখিবলৈ আৰু বাহিনীটোৰ জোৱানসকলক অনুপ্রাণিত কৰিবলৈ ৯ এপ্ৰিলক শৌর্য্য দিৱস হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে এই বেটেলিয়নৰ বিষয়া, অধীনস্থ বিষয়া আৰু জোৱানসকল উপস্থিত আছিল।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *