April 21, 2026

Global Assam News

Global and Local Assam News Website

অসমত ইন্ধন যোগান ব্যৱস্থাত কোনো ধৰণৰ বিঘিনি হোৱা নাই

অসমত ইন্ধন যোগান ব্যৱস্থাত কোনো ধৰণৰ বিঘিনি হোৱা নাই
  • ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ যোগানত কোনো অসুবিধা হোৱা নাই
  • চাৰিটা শোধনাগাৰৰ পৰা উৎপাদন আৰু যোগান নিয়মীয়া আছে
  • অসমত ইন্ধন যোগান ব্যৱস্থাত কোনো ধৰণৰ বিঘিনি হোৱা নাই
  • প্ৰায় ৯.৩ মিলিয়ন গ্ৰাহকে নিয়মীয়াকৈ ইন্ধন লাভ কৰি আছে
  • ডিজিটেল ব্যৱস্থাৰ জৰিয়তে ৮৪% গ্ৰাহকক টিলিপৰ বুকিং সুবিধা
  • অধিক দামত ইন্ধন বিক্ৰীৰ অভিযোগত ব্যৱস্থা গ্ৰহণ

সমগ্ৰ সামাচাৰ সেৱা

অসম, ১৭ এপ্ৰিল: ইন্ধনৰ নাটনিৰ সম্ভাৱনা লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড কৰ্তৃপক্ষই এক সংবাদমেল আয়োজন কৰি স্পষ্ট কৰে যে অসমত পেট্ৰ’ল আৰু ডিজেলৰ যোগান সম্পূৰ্ণ স্বাভাৱিকভাৱে চলি আছে। কৰ্তৃপক্ষই কয় যে ৰাজ্যৰ চাৰিটা শোধনাগাৰৰ পৰা উৎপাদন অব্যাহত আছে আৰু যোগান ব্যৱস্থাত কোনো ধৰণৰ বিঘিনি হোৱা নাই।

৯.৩ মিলিয়ন গ্ৰাহকে নিয়মীয়াকৈ পাইছে যোগান

কৰ্তৃপক্ষই জনায় যে ৰাজ্যত প্ৰায় ৯.৩ মিলিয়ন গ্ৰাহকে নিয়মীয়াকৈ ইন্ধন লাভ কৰি আছে। লগতে ডিজিটেল পদ্ধতিৰ জৰিয়তে ৮৪ শতাংশ গ্ৰাহক টিলিপৰ বুকিং ব্যৱস্থাৰ সুবিধা লৈছে বুলি উল্লেখ কৰে।

অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

ইন্ধনৰ অধিক মূল্যত বিক্ৰীৰ অভিযোগৰ ভিত্তিত ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড এ ইতিমধ্যে ৬টা ডিষ্ট্ৰিবিউটৰক স্থগিত কৰিছে আৰু ৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে অসমৰ পৰা বাহিৰ ৰাজ্যলৈ অবৈধভাৱে ইন্ধন সৰবৰাহৰ ঘটনাও ধৰা পৰিছে বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই।

ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড কৰ্তৃপক্ষই জনসাধাৰণক কোনো ধৰণৰ গুজৱত বিশ্বাস নকৰিবলৈ আহ্বান জনাই কয় যে ৰাজ্যত ইন্ধনৰ যোগান সম্পূৰ্ণভাৱে স্বাভাৱিক অৱস্থাত আছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *