April 19, 2026

Global Assam News

Global and Local Assam News Website

অসম : ২আগষ্টৰ পৰা অসমত আৰম্ভ হ’ব লোকপিয়ল প্ৰক্ৰিয়া

অসম : আগষ্টৰ পৰা অসমত আৰম্ভ হ’ব লোকপিয়ল প্ৰক্ৰিয়া
  • ২ আগষ্টৰ পৰা অসমত আৰম্ভ হ’ব লোকপিয়ল প্ৰক্ৰিয়া
  • ১৭ আগষ্টৰ পৰা ঘৰেঘৰে যাব গণনাকাৰী বিষয়াসকল
  • ১৫ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি চলিব এই অভিযান
  • ৰাজ্যত নিয়োগ কৰা হৈছে প্ৰায় ৮৫ হাজাৰ গণনাকাৰী বিষয়াক

১৭ আগষ্টৰ পৰা ঘৰেঘৰে যাব গণনাকাৰী বিষয়াসকল; ১৫ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি চলিব লোকপিয়ল অভিযান

সমগ্ৰ সামাচাৰ সেৱা
অসম, ১৯ এপ্ৰিল: অসম অতি শীঘ্ৰেই আৰম্ভ হ’ব দেশৰ গুৰুত্বপূৰ্ণ পৰিসংখ্যাগত অভিযান লোকপিয়ল। আগন্তুক ২ আগষ্টৰ পৰা ৰাজ্যজুৰি লোকপিয়লৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি ৰাজ্যিক লোকপিয়ল কাৰ্যালয়ে জানিবলৈ দিয়ে। এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ জনসংখ্যা, সামাজিক অৱস্থা আৰু বসবাস সম্পৰ্কীয় বিভিন্ন তথ্য সংগ্ৰহ কৰা হ’ব।

অধিকাৰীসকলৰ মতে, ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰেঘৰে গৈ তথ্য সংগ্ৰহৰ কাম আৰম্ভ কৰিব। এই অভিযান ১৫ ছেপ্টেম্বৰলৈকে সমগ্ৰ ৰাজ্যজুৰি চলি থাকিব। লোকপিয়ল সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে ৰাজ্যত প্ৰায় ৮৫ হাজাৰ গণনাকাৰী বিষয়াক নিয়োগ কৰা হৈছে।
এই সন্দৰ্ভত ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে জনায় যে, লোকপিয়ল হৈছে এখন ৰাজ্য আৰু দেশৰ উন্নয়নমূলক পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ ভিত্তি। সেয়ে জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে।
লোকপিয়লৰ জৰিয়তে সংগৃহীত তথ্যসমূহে ভৱিষ্যতৰ শিক্ষা, স্বাস্থ্য, যোগাযোগ আৰু সামাজিক উন্নয়নমূলক আঁচনি প্ৰস্তুতিত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *