প্ৰধানমন্ত্ৰীৰ দেশবাসীক সম্বোধনঃ দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা
- দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে
- মহিলা সংৰক্ষণ বিধেয়ক বিৰোধিতাক “সংবিধান আৰু নাৰী শক্তিৰ বিৰুদ্ধে অপৰাধ” বুলি উল্লেখ
- ভাৰতীয় জাতীয় কংগ্ৰেছ, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ, দ্ৰাবিড় মুন্নেত্ৰা কাজাগাম,সমাজবাদী পাৰ্টিক তীব্ৰ সমালোচনা
- “নাৰী শক্তি বন্দন সংশোধনী” ২১শ শতিকাৰ মহিলাসকলৰ বাবে নতুন সুযোগ আনিবলৈ লক্ষ্য কৰা হৈছিল বুলি মন্তব্য
- মহিলাসকলৰ প্ৰতিনিধিত্বৰ পথত থকা বাধাসমূহ আঁতৰাব বুলি আশ্বাস
লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক ব্যৰ্থ হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কঠোৰ প্ৰতিক্ৰিয়া; বিৰোধী দলসমূহক “নাৰী শক্তিৰ বিৰুদ্ধে ষড়যন্ত্ৰকাৰী” বুলি অভিযোগ
সমগ্ৰ সামাচাৰ সেৱা
দিল্লী,১৮ এপ্ৰিল: মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত ব্যৰ্থ হোৱাৰ পাছত আজি ৰাতি দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মহিলাসকলৰ ওচৰত ক্ষমা বিচাৰে। তেওঁ কয় যে চৰকাৰে “নাৰী শক্তি”ৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিৰোধী দলসমূহৰ বিৰোধিতাৰ বাবে বিধেয়কখন পাৰ নোহোৱাকৈ ৰৈ গ’ল।
প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে ভাৰতৰ সকলো নাগৰিকে দেখিছে কেনেকৈ ভাৰতীয় মহিলাসকলৰ অগ্ৰগতিৰ পথ ৰোধ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে মহিলা সংৰক্ষণ বিধেয়কখন ২১শ শতিকাৰ মহিলাসকলক নতুন সুযোগ আৰু আগন্তুক নিৰ্বাচনত অধিক প্ৰতিনিধিত্ব দিয়াৰ লক্ষ্যৰে আনিছিল।
তেওঁ লগতে অভিযোগ কৰে যে কিছুমান ৰাজনৈতিক দলে দলীয় স্বাৰ্থক দেশ আৰু নাৰী সশক্তিকৰণতকৈ ওপৰত ৰাখিছে, যাৰ ফলত দেশৰ ক্ষতি হৈছে। তেওঁৰ মতে, মহিলা সংৰক্ষণ বিধেয়ক বিৰোধিতা কৰা দলসমূহে “নাৰী শক্তিৰ অপমান” কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহে “divide and rule” নীতিৰে দেশত বিভাজনৰ ৰাজনীতি চলাই আহিছে আৰু দেশৰ গুৰুত্বপূৰ্ণ সংস্কাৰমূলক সিদ্ধান্তসমূহক বাধা প্ৰদান কৰি আহিছে। তেওঁ লগতে সীমান্ত বিতৰ্কসমূহৰ ক্ষেত্ৰতো কংগ্ৰেছক দায়ী কৰে।
নিজৰ ভাষণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে দেশৰ মহিলাসকলক আশ্বাস দিয়ে যে মহিলাসকলৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ পথত থকা সকলো বাধা আঁতৰাবলৈ চৰকাৰে আগন্তুক সময়তো চেষ্টা অব্যাহত ৰাখিব। তেওঁ কয়—“এগৰাকী মহিলা সকলো কথা পাহৰি যায়, কিন্তু নিজৰ অপমান কেতিয়াও নাপাহৰে; এই অপমান মহিলাসকলৰ হৃদয়ত সদায় থাকিব।”
