ড° অতনু নাথলৈ বিশ্ববিখ্যাত “ব্ৰেকথ্ৰু প্ৰাইজ”
- অসমৰ বিজ্ঞানী ড° অতনু নাথক ২০২৬ বৰ্ষৰ ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স প্ৰদান
- উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই শ্ৰেণীত প্ৰথম বিজ্ঞানী হিচাপে সন্মান লাভ
- বিশ্বজুৰি ৩৭৬ জন বিজ্ঞানীৰ সৈতে এই সন্মান ভাগ-বতৰা
- CERN, Brookhaven National Laboratory আৰু Fermilab-ৰ Muon g−2 পৰীক্ষাৰ বাবে স্বীকৃতি
- হাইলাকান্দি জিলাৰ সন্তান ড° নাথ বৰ্তমান নলবাৰীৰ টিহু কলেজৰ সহকাৰী অধ্যাপক
উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান জগতত ঐতিহাসিক সাফল্য
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৪ এপ্ৰিল: অসমৰ বিশিষ্ট বিজ্ঞানী ড° অতনু নাথে ২০২৬ বৰ্ষৰ বিশ্বপ্ৰসিদ্ধ “ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স” লাভ কৰি ৰাজ্যখন আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ এক ঐতিহাসিক সন্মান কঢ়িয়াই আনিছে। এই বঁটা সাধাৰণতে “বিজ্ঞান জগতৰ অস্কাৰ” বুলিও পৰিচিত।
এইবাৰৰ বঁটা Muon g−2 নামৰ গুৰুত্বপূৰ্ণ কণাভৌতিক পৰীক্ষাৰ বাবে প্ৰদান কৰা হৈছে, যাক আধুনিক কণাভৌতিক বিজ্ঞানৰ এক উল্লেখযোগ্য মাইলষ্ট’ন হিচাপে গণ্য কৰা হৈছে।
অসমৰ হাইলাকান্দি জিলাৰ লালাবজাৰৰ সন্তান ড° নাথ বৰ্তমান টিহু কলেজত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেওঁৰ এই সাফল্য ৰাজ্যজুৰি শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাৰ মাজত আনন্দ আৰু গৌৰৱৰ বাতাবৰণ সৃষ্টি কৰিছে।
বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথম বিজ্ঞানী হিচাপে এই শ্ৰেণীত সন্মান লাভ কৰা ড° অতনু নাথৰ এই কৃতিত্ব অঞ্চলটোৰ বিজ্ঞানচৰ্চাৰ ক্ষেত্ৰত এক নতুন প্ৰেৰণা হিচাপে বিবেচিত হৈছে।
