Global Assam News

Global and Local Assam News Website

নতুন ৰূপত আহিব আধাৰ কাৰ্ড: ডিচেম্বৰৰ পৰা দেশজুৰি প্ৰৱৰ্তন

  • নতুন আধাৰত থাকিব কেৱল ফটো আৰু QR কোড
  • নাম, ঠিকনা, জন্ম তাৰিখ আদি তথ্য প্ৰিন্ট কৰা নাথাকিব
  • QR কোডত এনক্রিপ্টেড ৰূপত সকলো তথ্য সংৰক্ষণ
  • ডাটা সুৰক্ষা আৰু জালিয়াতি ৰোধ মূল লক্ষ্য
  • ডিচেম্বৰৰ পৰা দেশজুৰি আৰম্ভ হ’ব নতুন ব্যৱস্থা

ব্যক্তিগত তথ্য সুৰক্ষাৰ লক্ষ্যৰে UIDAIৰ বৃহৎ পদক্ষেপ

সমগ্ৰ সমাচাৰ সেৱা
নতুন দিল্লী,২৭ এপ্ৰিল: দেশৰ নাগৰিকৰ ব্যক্তিগত তথ্য অধিক সুৰক্ষিত কৰিবলৈ UIDAIএ আধাৰ কাৰ্ডৰ এক সম্পূৰ্ণ নতুন ডিজাইন প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। এই নতুন আধাৰ কাৰ্ড ডিচেম্বৰৰ পৰা দেশজুৰি প্ৰৱৰ্তন কৰা হ’ব।নতুন আধাৰ কাৰ্ডত কেৱল নাগৰিকৰ ফটো আৰু এটা QR কোড থাকিব। পূৰ্বৰ দৰে নাম, আধাৰ নম্বৰ, ঠিকনা, জন্ম তাৰিখ আৰু লিংগ আদি কোনো তথ্য কাৰ্ডত প্ৰিন্ট কৰা নাথাকিব। এই পদক্ষেপে ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ যথেষ্ট পৰিমাণে কমাব বুলি আশা কৰা হৈছে।

QR কোডত অৱশ্যে এই সকলো তথ্য এনক্রিপ্টেড ৰূপত সংৰক্ষণ কৰা থাকিব। কেৱল চৰকাৰী অনুমোদিত স্কেনাৰ, UIDAI-ৰ অফিচিয়েল এপ আৰু নিৰ্দিষ্ট ভেৰিফিকেশ্বন ডিভাইচে এই তথ্য ডিকোড কৰিব পাৰিব।

UIDAI-ৰ মতে, বৰ্তমান হোটেল, অনুষ্ঠান আয়োজক বা ব্যক্তিগত প্ৰতিষ্ঠানে আধাৰ কাৰ্ডৰ ফটোকপি লৈ নাগৰিকৰ তথ্য সংৰক্ষণ কৰে, যাৰ ফলত ডাটা লিক আৰু জালিয়াতিৰ সম্ভাৱনা বৃদ্ধি পায়। নতুন ব্যৱস্থাত এই সমস্যা যথেষ্ট হ্ৰাস পাব।

ইয়াৰ উপৰিও, এই নতুন ডিজাইন ‘Digital India’ উদ্যোগৰ সৈতে মিল ৰাখি আধাৰ ব্যৱস্থাক অধিক সুৰক্ষিত আৰু আধুনিক কৰি তুলিবলৈ লক্ষ্য কৰা হৈছে।

ভৱিষ্যতে QR কোড স্কেনৰ জৰিয়তে কেৱল ডিজিটেল ভেৰিফিকেশ্বনেই প্ৰধান পদ্ধতি হ’ব, যাৰ ফলত সাধাৰণ লোকৰ ব্যক্তিগত তথ্য অধিক সুৰক্ষিত থাকিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *