Global Assam News

Global and Local Assam News Website

গুৱাহাটীত ভোট গণনাৰ পূৰ্বে কঠোৰ নিৰ্দেশনা

  • ২০০ মিটাৰ পৰিসৰত আতচবাজি আৰু জয়োল্লাস সম্পূৰ্ণ নিষিদ্ধ
  • বিজয় শোভাযাত্ৰা আৰু শ্লোগান দিয়া বন্ধ
  • ৪ মে’ দিনটোত পুৱা ১২ বজাৰ পৰা নিশা ১১:৫৯ বজালৈ বলবৎ
  • উলংঘা কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব

ভোট গণনাৰ সময়ত শান্তি-শৃংখলা বজাই ৰাখিবলৈ জিলা প্ৰশাসনৰ কঠোৰ ব্যৱস্থা

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৩ মে’: গুৱাহাটীস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ চাৰিওফালে ২০০ মিটাৰ পৰিসৰত আতচবাজি ফুটোৱা, ফায়াৰৱৰ্কছ, বিজয় শোভাযাত্ৰা আৰু শ্লোগান দিয়া সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনে।

এই সন্দৰ্ভত জিলা দণ্ডাধীশ স্বপ্নীল পালে জাৰি কৰা এক নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে এনে কাৰ্যকলাপে শব্দ দূষণ সৃষ্টি কৰি জনসাধাৰণৰ শান্তি-শৃংখলা বিঘ্নিত কৰাৰ লগতে গণনাস্থলীত উপস্থিত কৰ্মচাৰী, নিৰাপত্তা বাহিনী, প্ৰাৰ্থী আৰু তেওঁলোকৰ প্ৰতিনিধিসকলৰ মাজত আতংকৰ সৃষ্টি কৰিব পাৰে।

এই নিষেধাজ্ঞা ভাৰতীয় নাগৰিকৰ সুৰক্ষা সংহিতা (BNSS), ২০২৩-ৰ ধাৰা ১৬৩ অনুসৰি জাৰি কৰা হৈছে। ই ৪ মে’ দিনটোত পুৱা ১২ বজাৰ পৰা নিশা ১১:৫৯ বজালৈ, অথবা ভোট গণনা সম্পূৰ্ণ হৈ ফলাফল ঘোষণা নোহোৱালৈকে বলবৎ থাকিব।

প্ৰশাসনে স্পষ্টকৈ জনাইছে যে এই নিৰ্দেশনা উলংঘা কৰা ব্যক্তিসকলৰ বিৰুদ্ধে BNSS-ৰ ধাৰা ২২৩ আৰু অন্যান্য প্ৰযোজ্য আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *